মুখ্যপৃষ্ঠা »খবৰ »অসম »Drugs in Assam Nagaland Border: সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্তত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা, ড্ৰাগছ সেৱনকাৰীৰ টিঘিলঘিলনি

Drugs in Assam Nagaland Border: সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্তত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা, ড্ৰাগছ সেৱনকাৰীৰ টিঘিলঘিলনি

Drugs in Assam Nagaland Border: সীমান্তৱৰ্তী অঞ্চলটোত কেইবাজনো ব্যৱসায়ীৰ ছত্ৰছায়াত ড্ৰাগছৰ মুকলি বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে।

Drugs in Assam Nagaland Border: সীমান্তৱৰ্তী অঞ্চলটোত কেইবাজনো ব্যৱসায়ীৰ ছত্ৰছায়াত ড্ৰাগছৰ মুকলি বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে।

Drugs in Assam Nagaland Border: সীমান্তৱৰ্তী অঞ্চলটোত কেইবাজনো ব্যৱসায়ীৰ ছত্ৰছায়াত ড্ৰাগছৰ মুকলি বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিৰ নাগালেণ্ডৰ মন জিলাৰ সীমান্তৱৰ্তী  নামতোলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাত উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ সচেতন জনতা।  সীমান্তৱৰ্তী অঞ্চলটোত কেইবাজনো ব্যৱসায়ীৰ ছত্ৰছায়াত ড্ৰাগছৰ মুকলি বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে অসম আৰক্ষীয়ে বিগত দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ মাফিয়া সকলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছিল। এই অভিযানকালত বহু ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱাৰ লগতে ভালে সংখ্যক আৰক্ষীয়ে আনকি এনকাউণ্টাৰ কৰিছিল। ফলত ৰাজ্য খনত ড্ৰাগছ মাফিয়া সকলে নিজৰ অবৈধ ব্যৱসায় কিছুদিনৰ বাবে হ'লেও বন্ধ কৰিবলৈ বাধ্য হৈছিল। কিন্তু শেহতীয়াকৈ এই ড্ৰাগছ ব্যৱসায়ী সকলে নিজৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ কথা পোহৰলৈ আহিছে, কিন্তু এইবাৰ নতুন নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰি অহা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে পূৰ্বে ম্যানমাৰৰ পৰা মণিপুৰৰ মৰে হৈ নাগালেণ্ডৰ ডিমাপুৰলৈ ড্ৰাগছ সৰবৰাহ কৰা হৈছিল। ডিমাপুৰৰ পৰা অসমৰ অন্যান্য ঠাইৰ লগতে সোণাৰি নামতোলালৈ ড্ৰাগছ অনা হৈছিল। কিন্তু বিগত সময়চোৱাত অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত ড্ৰাগছ মাফিয়া সকলে ডিমাপুৰৰ পৰা সহজতে ড্ৰাগছ অনাত অসুবিধাৰ সন্মুখীন হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত সীমান্তত অৱস্থিত কিছু সচেতন লোকৰ মতে ড্ৰাগছ মাফিয়া সকলে শেহতীয়াকৈ নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা হৈ নগালেণ্ডৰ মন জিলা লংৱা হৈ আৰু অৰুণাচল প্ৰদেশৰ লংডিং তথা টিৰাপ জিলাৰ ম্যানমাৰ সীমান্ত হৈ প্ৰবেশ কৰি পৰৱৰ্তী সময়ত মন আৰু লংডিং তথা টিৰাপ জিলাৰ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত তথা সোণাৰিৰ নামতোলালৈ একাংশ নগালোকে ড্ৰাগছ সৰবৰাহ কৰি এয়া যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে ।

চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলটোৰ ড্ৰাগছ  ব্যৱসায়ী সকলৰ পৰা উজনি অসমৰ বিভিন্ন ঠাইৰ লোকে ড্ৰাগছ কঢ়িয়াই নি ড্ৰাগছৰ বেহা চলাই থকাৰ কথা পোহৰলৈ আহে। ইফালে নামতোলাত ড্ৰাগছৰ বেহা চলাই অহা অসাধু চক্ৰটোৱে ৰবৰ নদীৰ দুয়োপাৰত ড্ৰাগছ সেৱন কৰাৰ ঘাটি বহুৱাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই ঘাটি সমূহলৈ দৈনিক বহু ড্ৰাগছ সেৱনকাৰী আহি বিনা বাধাই ড্ৰাগছ সেৱন কৰাৰ লগতে ইয়াৰ পৰা ড্ৰাগছ ক্ৰয় কৰি নিয়াৰ তথ্য পোৱা গৈছে। বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে অঞ্চলটোৰ সচেতন লোক সকলে চৰাইদেউ আৰক্ষীৰ শীৰ্ষ মহলক অৱগত কৰিছে। চৰাইদেউ আৰক্ষীয়েও সময়ে সময়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়িৰ লগতে সেৱন কৰা লোকক আটক কৰি আহিছে। জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলটোত চলি থকা এই অবৈধ ব্যৱসায়টো বন্ধ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় সচেতন লোক সকলে আহ্বান জনাইছে।

শেহতীয়া বাতৰি