Assam Assembly 2021: প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিলে হিমন্ত তনয় নন্দিল বিশ্ব শৰ্মাই। ক'লে- ৰাজনীতি মানে জনতাক সবল কৰাৰ প্ৰক্ৰিয়া।

যুৱসমাজে পিতৃৰ নামত মিমছ, কৌতুক, ভিডিঅ' প্ৰচাৰ কৰি আনন্দ কৰিলে মোৰ ভাল লাগে : নন্দিল। ৰাজনীতিৰ প্ৰতি মোৰ সিমানেই আকৰ্ষণ আছে যিমান এজন যুৱকৰ থাকিব লাগে : নন্দিল
যুৱসমাজে পিতৃৰ নামত মিমছ, কৌতুক, ভিডিঅ' প্ৰচাৰ কৰি আনন্দ কৰিলে মোৰ ভাল লাগে : নন্দিল। ৰাজনীতিৰ প্ৰতি মোৰ সিমানেই আকৰ্ষণ আছে যিমান এজন যুৱকৰ থাকিব লাগে : নন্দিল
- News18 Assam
- Last Updated: April 6, 2021, 7:16 PM IST
জীৱনৰ প্ৰথমটো ভোট দি অতি উচ্ছাসিতভাৱে নিজৰ আনন্দ প্ৰকাশ কৰে নন্দিলে। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত বুলি মন্তব্য কৰা নন্দিলে এইবাৰ যুৱসমাজে উন্নয়ন আৰু প্ৰগতিৰ বাবে ভোট দিছে বুলি মন্তব্য কৰে। অৱশ্যে এয়া তেওঁৰ নিজৰ দৃষ্টিভংগী বুলি উল্লেখ কৰি যুৱসমাজৰ অন্য প্ৰতিনিধিৰ দৃষ্টিভংগী পৃথক হ’বও পাৰে বুলি মন্তব্য কৰে।
ৰাজ্যৰ যুৱসমাজত পিতৃ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দেখি অতিকৈ আনন্দিত অনুভৱ কৰে বুলি মন্তব্য কৰে নন্দিলে। যুৱসমাজে পিতৃৰ নামত মিমছ, কৌতুক, ভিডিঅ' আদি প্ৰচাৰ কৰি আনন্দ প্ৰকাশ কৰা দেখিলে নন্দিলে হেনো নিজেও আনন্দ অনুভৱ কৰে ।
আনহাতে পিতৃৰ পদাংক অনুসৰণ কৰি নন্দিল ৰাজনীতিলৈ আহিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ অতি কৌশলেৰে উত্তৰ দিয়ে নন্দিলে। "ৰাজনীতিৰ প্ৰতি মোৰ সিমানেই আকৰ্ষণ আছে যিমান এজন যুৱকৰ থাকিব লাগে।" ৰাজনীতিৰ পথাৰত নমাৰ কোনো পৰিকল্পনা এতিয়ালৈ নাই মন্তব্য কৰি নন্দিলে কয়- ৰাজনীতি হৈছে সাধাৰণ জনতাক সবল কৰা প্ৰক্ৰিয়া।
উল্লেখ্য যে মনোনয়ন পত্ৰ দাখিল আৰু নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা পিতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছিল নন্দিল বিশ্ব শৰ্মা।