বৃহস্পতিবাৰে ওৰাঙত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিজ পিতৃয়ে অতি নিৰ্মম ভাৱে হত্যা কৰিলে পুত্ৰক। ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত এক ঘৰুৱা কথাক কেন্দ্ৰ কৰি পুত্ৰ আৰু পিতৃৰ মাজত কাজিয়াৰ সৃষ্টি হয়। পিছত ঘটনাই এনে ৰূপ ধাৰণ কৰে যে নিজ জন্মদাতা পিতৃ তপন বসুমতাৰীয়ে চোকা অস্ত্ৰৰে বুকুত ঘপিয়াই হত্যা কৰিলে নিজৰ ২৫ বছৰীয়া পুত্ৰ সুজন বসুমতাৰীক। উল্লেখযোগ্য যে মাত্ৰ তিনি সপ্তাহৰ পূৰ্বে পুত্ৰ সুজন বসুমতাৰীয়ে ওদালগুৰি জিলাৰ বড়ো বজাৰৰ কৰৈবাৰী গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।
নিজৰ পুত্ৰক হত্যা কৰি এতিয়া পলাই আছে পিতৃ তপন বসুমতাৰী। পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি প্ৰায়ে সুৰাপান কৰি পৰিয়ালৰ লোকক অত্যাচাৰ কৰিছিল তপন বসুমতাৰীয়ে। বৃহস্পতিবাৰেও সুৰাপান কৰাৰ ফলতেই নিজৰ পুত্ৰৰ লগত কাজিয়াত লিপ্ত হৈছিল তপন বসুমতাৰীয়ে। পিছত তপন বসুমতাৰীৰ হাতত প্ৰাণ যায় নিজৰ ডাঙৰ পুত্ৰ সুজনৰ।
এনে মৰ্মান্তিক ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। আৰক্ষীয়েও পলাতক তপন বসুমতাৰীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|