মাতৃঘাটক! বিচৰা ধন নিদিয়াৰ বাবেই মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে পাষাণ পুত্ৰই

News18 Assam | News18-Assam
Updated:January 14, 2021, 3:55 PM IST
মাতৃঘাটক! বিচৰা ধন নিদিয়াৰ বাবেই মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে পাষাণ পুত্ৰই
মৰিয়নিৰ ন-কছাৰীত সংঘটিত হৈছে এই ঘটনা

মৰিয়নিৰ ন-কছাৰীত সংঘটিত হৈছে এই ঘটনা

  • Share this:
মৰিয়নিৰ নকছাৰীত ভোগালী বিহুৰ দিনাই সংঘটিত হয় এটা হত্যাকাণ্ড।পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ। নকছাৰী দুই নং দৰকিয়াল ৰজাবাৰীত সংঘটিত হৈছে এই ঘটনা। পুত্ৰ ধন মেছে হত্যা কৰে মাতৃ নিৰ্মলা মেছক। বিচৰা ধন নিদিয়া বাবেই মাতৃক এডাল লাঠীৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰে পুত্ৰ ধন মেছে।

উল্লেখযোগ্য যে, বিচৰা টকা নিদিলেই মাতৃৰ ওপৰত প্ৰায়ে শাৰীৰিক অত্যাচাৰ চলাই অভিযুক্ত ধন মেছে। কিন্তু বৃহস্পতিবাৰে সকলো সীমা অতিক্ৰম কৰি মাতৃক মৰিয়াই মৰিয়াই মাৰি পেলালে পাষাণ পুত্ৰই।  মাতৃ হত্যাকাৰী ধন মেছক দেৱেৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে। ইফালে ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Himangshu Bhuyan
First published: January 14, 2021, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading