உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Tamarhat Murder : তামাৰহাটত সুৰাৰ ৰাগিত মাতাল পুত্ৰই হানি–খুচি হত্যা কৰিলে পিতৃক, পত্নীৰ সৈতে কাজিয়া কৰাত বাধা দিয়াৰ বাবেই পিতৃক নিৰ্মমভাৱে হত্যা

    Tamarhat Murder : তামাৰহাটত সুৰাৰ ৰাগিত মাতাল পুত্ৰই হানি–খুচি হত্যা কৰিলে পিতৃক, পত্নীৰ সৈতে কাজিয়া কৰাত বাধা দিয়াৰ বাবেই পিতৃক নিৰ্মমভাৱে হত্যা

    ইতিমধ্যে হত্যাকাৰী পুত্ৰক আৰক্ষীয়ে আটক কৰিছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। হত্যাকাৰী প্ৰবীণ ৰায়ৰ কঠোৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।

    • Share this:
    মাদক দ্ৰৱ্য সেৱন কৰা কুলংগাৰ পুত্ৰই কাল হ'ল পিতৃৰ বাবে। মাদক দ্ৰৱ্য সেৱন কৰি পাষাণ পুত্ৰই হানি–খুচি হত্যা কৰিলে পিতৃক। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত দক্ষিণ কাছখানা গাঁৱত সংঘটিত হ’ল এই জঘন্য হত্যাকাণ্ড। প্ৰবীণ ৰায় নামৰ যুৱকজনে পিতৃ দুকেতু ৰায়ক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে।

    ইতিমধ্যে হত্যাকাৰী পুত্ৰক আৰক্ষীয়ে আটক কৰিছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। হত্যাকাৰী প্ৰবীণ ৰায়ৰ কঠোৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।

    উল্লেখ্য যে অইন দিনাৰ দৰে বৃহস্পতিবাৰে নিশাওপ্ৰবীণ ৰায়ে মদ্যপান কৰি আহি ল’ৰা–ছোৱালীক কোনো কথাত নিশাৰ দিবলৈ মানা কৰে। কিন্তু পত্নীয়ে সন্তানক নিশাৰ আহাৰ খাবলৈ দিয়াত স্বামী–স্ত্ৰীৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ। এই কাজিয়াত বাধা দিয়ে পিতৃ  দুকেতু ৰায়ে। কাজিয়া বন্ধ কৰিবলৈ কোৱাত অত্যধিক সুৰাপান কৰি থকা প্ৰবীণে পত্নীক এৰি পিতৃক খুকুৰীৰে উপৰ্যুপৰি আঘাত কৰে।

    ইফালে, আহত লোকজনক এম্বুলেঞ্চৰ অভাৱত বেটাৰীচালিত ৰিক্সাৰে মটেৰঝাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও তাত কোনো চিকৎসক নথকাত ধুবুৰীলৈ লৈ যোৱা হয়। কিন্তু আধা বাটতে মৃত্যুক সাবটি লয় দুকেতুৱে। পিছত পাগলাহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পিতৃ হত্যাকাৰী পাষাণ পুত্ৰ প্ৰবীণক আটক কৰি থানাত লৈ আহে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: