হাওৰাঘাটত পুত্ৰই গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পিতৃক

এখন চাইকেলক কেন্দ্ৰ কৰি পিতা–পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিছত এই কাজিয়াই চূড়ান্ত ৰূপ ধাৰণ কৰে ৷ পুত্ৰৰ উপৰ্যুপৰি আক্ৰমণত আঘাতপ্ৰাপ্ত মোহন ধানোৱাৰক ততাতৈয়াকৈ হাওৰাঘাট হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। 

news18assam
Updated:June 8, 2019, 3:41 PM IST
হাওৰাঘাটত পুত্ৰই গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পিতৃক
এখন চাইকেলক কেন্দ্ৰ কৰি পিতা–পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিছত এই কাজিয়াই চূড়ান্ত ৰূপ ধাৰণ কৰে ৷ পুত্ৰৰ উপৰ্যুপৰি আক্ৰমণত আঘাতপ্ৰাপ্ত মোহন ধানোৱাৰক ততাতৈয়াকৈ হাওৰাঘাট হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। 
news18assam
Updated: June 8, 2019, 3:41 PM IST
 

শুকুৰবাৰে নিশা কাৰ্বিআংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পণ্ডিতঘাটত নিজ পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে পিতৃক। এখন চাইকেলক কেন্দ্ৰ কৰি পিতা–পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিছত এই কাজিয়াই চূড়ান্ত ৰূপ ধাৰণ কৰে ৷ পুত্ৰৰ উপৰ্যুপৰি আক্ৰমণত আঘাতপ্ৰাপ্ত মোহন ধানোৱাৰক ততাতৈয়াকৈ হাওৰাঘাট হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। পিতৃ হত্যাকাৰী পুত্ৰ নানকুন ধানোৱাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

সুৰামত্ত কুলাংগাৰ পুত্ৰই মাতৃকো মাৰধৰ কৰিছিল ৷ তাতে ক্ষান্ত নাথাকি ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি