• Home
  • »
  • News
  • »
  • assam
  • »
  • ঘৰৰ মাটি ভেটি বিক্ৰী নকৰিলে প্ৰাণে মৰাৰ ভাবুকি, সম্পত্তিৰ লোভত কুলাংগাৰ পুত্ৰই প্ৰহাৰ কৰিলে বৃদ্ধ পিতৃ-মাতৃক 

ঘৰৰ মাটি ভেটি বিক্ৰী নকৰিলে প্ৰাণে মৰাৰ ভাবুকি, সম্পত্তিৰ লোভত কুলাংগাৰ পুত্ৰই প্ৰহাৰ কৰিলে বৃদ্ধ পিতৃ-মাতৃক 

পুত্ৰৰ শাৰীৰিক অত্যাচাৰত এতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে পিতৃ-মাতৃ

পুত্ৰৰ শাৰীৰিক অত্যাচাৰত এতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে পিতৃ-মাতৃ

পুত্ৰৰ শাৰীৰিক অত্যাচাৰত এতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে পিতৃ-মাতৃ

  • Share this:
এক হৃদয় বিদাৰক ঘটনা! সম্পত্তিৰ লোভত নিজৰ পিতৃ-মাতৃক প্ৰহাৰ কৰিলে কুলাংগাৰ পুত্ৰই। পুত্ৰৰ শাৰীৰিক অত্যাচাৰত এতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে পিতৃ-মাতৃ। আনকি এৰিবলগীয়া হৈছে নিজৰ আপোন ঘৰখন। উল্লেখযোগ্য যে, দুলীয়াজানৰ কমলাবাৰীৰ ১ নং ধুবিঘাটৰ অৱসৰপ্ৰাপ্ত অইলৰ কৰ্মচাৰী ৰত্নেশ্বৰ চেতিয়া আৰু অনিমা চেতিয়াৰ একমাত্ৰ পুত্ৰ দ্বিপেন চেতিয়াই পিতৃৰ অৱসৰৰ সময়ত পোৱা সকলো টকা পইচা আত্মসাৎ কৰাৰ লগতে ঘৰখনৰ সকলো সম্পত্তি, মাটি  বিক্ৰী কৰিলে। আৰু এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে প্ৰশ্ন কৰিলেই প্ৰহাৰ কৰে পুত্ৰ দ্বিপেনে।



এইবাৰ সকলো সীমা চেৰাই দ্বিপেন নামৰ কুলাংগাৰ পুত্ৰই প্ৰাণে মৰাৰ ভাবুকি দিলে পিতৃ-মাতৃক। ঘৰৰ ভেটি-মাটি বিক্ৰী নকৰিলে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰো ভয় দেখুৱালে। পুত্ৰৰ এনে অত্যাচাৰ সহিব নোৱাৰি এতিয়া জীয়ৰীৰ ঘৰতে আশ্ৰয় লৈছে বৃদ্ধা-পিতৃ মাতৃয়ে। কিন্তু তাৰ পিছতো ফোন যোগে প্ৰতিদিনে ভাবুকি দিয়ে পুত্ৰ দ্বিপেন চেতিয়াই।



অৱশেষত উপায়ন্ত হৈ আৰক্ষীৰ কাষ চাপিল দুৰ্ভগীয়া ৰত্নেশ্বৰ চেতিয়া আৰু অনিমা চেতিয়া। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কুলাংগাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি