গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা অপহৃত হ'ল এজন প্ৰাক্তন আলফা কেডাৰ। আলফা কেডাৰজনৰ নাম সিতেশ্বৰ ৰাভা ওৰফে লাডেন। মূলসুঁতিলৈ ঘূৰি অহা লাডেনক মহানগৰীৰ বাঘৰবৰীৰ পৰা অপহৰণ কৰিলে দূৰ্বৃত্তই।
ইফালে লাডেনৰ পত্নীকো অপহৰণ কৰিছিল অপহৰনকাৰী দলটোৱে। কিন্তু সৌভাগ্যক্ৰমে ইম্ফলৰ পৰা অপহৰণকাৰীৰ বেহু ফালি পলাই আহিবলৈ সক্ষম হয় পত্নী নিভা ৰাভা। এতিয়া স্বামীৰ মুক্তিৰ বাবে ৮-১০ লাখ টকা দাবী কৰিছে দলটোৱে। দাবী কৰা ধন যোগাৰ কৰিবলৈ গৈ এতিয়া হাহাকাৰ অৱস্থা পত্নী নিভা ৰাভাৰ।
পূৰ্বে বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল সিতেশ্বৰ ৰাভা ওৰফে লাডেন। ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে গোচৰ নোলোৱাৰ অভিযোগ মহিলাগৰাকীৰ। আৰু এতিয়া স্বামীক ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে নিভা ৰাভা নামৰ মহিলাগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|