হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপল্লীত বিধায়ক শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ। শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা। অঞ্চলটোত থকা বিষ্ণুমন্দিৰত দৌল উৎসৱৰ সাংস্কৃতিক মঞ্চ মুকলি কৰি ওলাই অহাৰ সময়ত সংঘটিত হয় এই ঘটনা।
ইফালে শিলাদিত্যক দেৱৰ নাম দৌল উৎসৱৰ আয়োজক কমিটীত অন্তৰ্ভুক্ত কৰাকলৈ আপত্তি দৰ্শাৱোৰা অভিযোগ উঠিছে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ ভাতৃৰ বিৰুদ্ধে। এই কথাও ৰাজহুৱাকৈ উল্লেখ কৰিছে শিলাদিত্য দেৱে।
আনহাতে ঘটনাৰ সন্দৰ্ভত শিলাদিত্য দেৱে কয় যে, 'পৰিবেশ বেয়া কৰিলে প্ৰাৰ্থীৰ বাবে বেয়া।হোজাইত কোনেও অশান্তি কৰিব নোৱাৰিব।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 28, 2021, 12:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।