• Home
  • »
  • News
  • »
  • assam
  • »
  • একাংশ মন্ত্ৰীৰ অহংকাৰ, তাচ্ছিল্য সূচক মন্তব্যই পৰিবেশ বেয়া কৰিছেঃ বিধায়ক পদ্ম হাজৰিকা

একাংশ মন্ত্ৰীৰ অহংকাৰ, তাচ্ছিল্য সূচক মন্তব্যই পৰিবেশ বেয়া কৰিছেঃ বিধায়ক পদ্ম হাজৰিকা

Source-Google

Source-Google

মুখ্যমন্ত্ৰীক ৰাইজৰ মাজলৈ আহি শেহতীয়া পৰিস্থিতি চম্ভালিবলৈ আহ্বান জনালে বিধায়ক পদ্ম হাজৰিকা সহ ২৫ গৰাকী বিজেপি বিধায়কে

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছে। ৰাইজৰ ৰোষত পৰিছে বিজেপিৰ বিধায়কসকল। যলৈকে গৈছে ত’তেই অপদস্থ হৈছে বিজেপিৰ বিধায়ক, মন্ত্ৰী তথা নেতা কৰ্মী সকল। সমষ্টিত গণভিত্তি হেৰুৱাৰ আশংকাত এতিয়া চিন্তিত হৈ পৰিছে  বিশেষকৈ উজনি অসমৰ বিজেপিৰ বিধায়কসকল। বৃহস্পতিবাৰে পদ্ম হাজৰিকাৰ নেতৃত্বত বিজেপিৰ প্ৰায় ২৫ জন বিধায়কে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যৰ শিক্ষক সকলৰ সমস্যা সন্দৰ্ভতো বিশেষ ভাবে আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই।

বিধায়ক পদ্ম হাজৰিকাই এগৰাকী মন্ত্ৰীক বিশেষ ভাবে লক্ষ্য কৰি লয়। সমস্যা সমাধানৰ পৰিৱৰ্তে মন্ত্ৰীজনে অহংকাৰ কৰি তুচ্ছ তাচ্ছিল্য সূচক মন্তব্য কৰি পৰিস্থিতি অধিক বেয়া কৰিছে বুলি মন্তব্য কৰে।

পদ্ম হাজৰিকাই কয় যে, টেট শিক্ষক সকল, শিক্ষক সমাজ, ঠিকা ভিত্তিক শিক্ষকসকল ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিব লগীয়া হৈছে। নিজৰ পাপ্য বিচাৰি ৰাজপথলৈ ওলাই অহা শিক্ষক সকলৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে মন্ত্ৰীয়ে তুচ্ছা–তাচ্ছিল্য সূচক মন্তব্য কৰি তেওঁলোকৰ মনত আঘাত দিছে। যিয়ে পৰিবেশ বেয়া কৰিছে। গতিকে মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি, শিক্ষকসকলৰ সৈতে সন্মান মৰ্যদা সহকাৰে আলোচনা কৰি  যিমান দূৰলৈকে সম্ভৱ সিমান দূৰলৈকে সমস্যা সমাধান কৰিব লাগে। অহংকাৰ কৰি, দাংকোপ মৰা কথা কৈ তেওঁলোকৰ মনত বেজাৰ দিব নালাগে।

এনেদৰে সংবাদমাধ্যমৰ আগত চতীয়াৰ বিজেপি বিধায়কজনে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে যে আক্ৰমণৰ লক্ষ্য কৰি লয় সেই কথা স্পষ্ট হয়। পিছত সাংবাদিকে পদ্ম হাজৰিকাক এই বিষয়ে প্ৰশ্ন কৰাতো, হাজৰিকাই সাংবাদিকৰ সন্দেহক নস্যাৎ নকৰিলে।

শুনক পদ্ম হাজৰিকাৰ মুখেৰে

Published by:Himangshu Bhuyan
First published: