জুবিন গাৰ্গৰ কিছুমান পুৰণি ভিডিঅ’ নতুন কৈ প্ৰচাৰ কৰিছে একাংশই। আনকি জুবিন গাৰ্গৰ সম্পৰ্কত কৰিছে বিভিন্ন তাচ্ছিল্য সূচক মন্তব্য
জুবিন গাৰ্গৰ কিছুমান পুৰণি ভিডিঅ’ নতুন কৈ প্ৰচাৰ কৰিছে একাংশই। আনকি জুবিন গাৰ্গৰ সম্পৰ্কত কৰিছে বিভিন্ন তাচ্ছিল্য সূচক মন্তব্য
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিতৰ্কিত আইনখনক তীব্ৰ বিৰোধিতা কৰিছে জুবিন গাৰ্গে। আনকি নাগৰিকত্ব সংশোধনী আইন খন বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে জুবিন গাৰ্গে। ফলত ছচিয়েল মিডিয়াত এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ কৰ্মীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে জুবিন গাৰ্গ। একাংশই এতিয়া জুবিন গাৰ্গৰ কিছুমান পুৰণি ভিডিঅ’ নতুন কৈ প্ৰচাৰ কৰিছে । আনকি জুবিন গাৰ্গৰ সম্পৰ্কত কৰিছে বিভিন্ন তাচ্ছিল্য সূচক মন্তব্য।
জুবিন গাৰ্গৰ ওপৰত এনেকুৱা কিছুমান ভিডিঅ’ বা পষ্ট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে, যাক আমি কোনো কাৰণতে অসম্পাদিত ৰূপত দেখাব নোৱাৰো। কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ কৰাৰ বাবে জুবিন গাৰ্গক ব্যক্তিগত ভাবে আক্ৰমণ কৰাত এতিয়া বিষয়টো বহুতে সহজ ভাবে ল’ব পৰা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|