‘কোনে কয় লাচিত নাই, ৰাজপথেৰে আজি হাজাৰ লাচিত আগুৱায়’

জয় আই অসম ধ্বনিৰে আগবাঢ়িছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়াৰ প্ৰতিবাদী সত্ত্বা
জয় আই অসম ধ্বনিৰে আগবাঢ়িছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়াৰ প্ৰতিবাদী সত্ত্বা
- News18 Assam
- Last Updated: December 21, 2019, 12:05 PM IST
জয় আই অসম ধ্বনিৰে আগবাঢ়িছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়াৰ প্ৰতিবাদী সত্ত্বা।কেৱল অসমতেই নহয়, য’তেই অসমীয়া মানুহ আছে তাতেই শুনা গৈছে অসমীয়াৰ জাতীয়তাবাদী সত্ত্বাৰ বিভিন্ন শ্লোগান।তাৰে ভিতৰত কেইটামান শ্লোগানে বিশেষ ভাবে আকৰ্ষিত কৰিছে সকলোকে।
উজনিৰ পৰা নামনিলৈকে সমগ্ৰ অসমতে চলা CAAবিৰোধী আন্দোলনত শুনিবলৈ পোৱা আকৰ্ষিত শ্লোগানৰ ভিতৰত আছে,
২. কোনে কয় মূলা নাই, ৰাজপথেৰে আজি হাজাৰ মূলা আগুৱায়।
৩. তুমি যদি অসমীয়া আমাৰ লগত যোগ দিয়া।
৪. আছে হেংদাঙ লোৱা নাই, ল’লে হেংদাঙ ৰক্ষা নাই।
৬.ক’লা কা–উৰীৰ জাত, সোনকালে যাবি নিপাত।
ইয়াৰ উপৰিও ৰাজ্যৰ শিল্পী সমাজেও নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বিশেষ ভাবে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বহু কেইগৰাকী শিল্পীয়ে লিখি উলিয়াইছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে বহু প্ৰতিবাদী গীত।
মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠত– ‘এটা জাতিক শেষ কৰাৰ অধিকাৰ আছে বাৰু কাৰ?’
মানস ৰবীনৰ কণ্ঠত– ‘আকৌ জয় আই অসম।’
জুবিন গাৰ্গৰ কণ্ঠত– ‘পলিটিক্স নকৰিবা বন্ধু।’
অনুপম শইকীয়াৰ কণ্ঠত– অ অসমৰ খিলঞ্জীয়া।
বিপিন চাওদাঙৰ কণ্ঠত– ভাই হত ঐ, ককাই হত ঐ, অনা অসমীয়াক আকৌ নেবেচিবি আমাৰ অসমীয়াৰ মাটি।’