ভয়-শংকাৰ মাজত দিন পাৰ কৰা মহানগৰীৰ এটা অঞ্চল ৷ অঞ্চলটোৰ আবাসীৰ জীৱনলৈ যিকোনো মহূৰ্তত আহি পৰে বিপদ ৷ চকুৰ সন্মুখত অঞ্চলটোত তচনচ কৰি দিয়া হয় ঘৰ-দুৱাৰ ৷ দুচকুত চকুলো লৈ উজাগৰী নিশা পাৰ কৰিব লাগে অঞ্চলবাসীয়ে ৷ বছৰ বছৰ ধৰি ভয়, শংকাত দিন পাৰ কৰা এই অঞ্চলবাসীৰ কোনোদিন দূৰ নহয় সমস্যা ৷ কি কংগ্ৰেছ, কি বিজেপি চৰকাৰ ৷ প্ৰতিখন চৰকাৰৰ দিনত টাৰ্গেট এইসকল লোক৷
কাৰণ এইসকল লোকে বাস কৰে শিলসাকোত ৷ ইমানলৈ সকলো ঠিকেই আছে ৷ পিছে, চৰকাৰ প্ৰশাসনৰ উচ্ছেদৰ পিছতো থাকি যায় অঞ্চলটোত এইসকল লোক ৷ কিছু সময়ৰ বাবে আঁতৰ হ'লেও পুনৰ সংস্থাপিত হয় এইসকল লোক ৷ এমাহ, দুমাহৰ ভিতৰত এওঁলোকে সাজি লয় গৃহ ৷ ইমানেই নহয়, উচ্ছেদৰ সময়ত কৰ্তন কৰা বিদ্যুৎ পুনৰ সংযোগ কৰি দিয়ে এওঁলোকক শক্তি বিভাগে ৷ পৌৰ নিগমে এওঁলোকক প্ৰদান কৰে হোল্ডিং নম্বৰ ৷ বছৰ বছৰ ধৰি অঞ্চলটোত চলি অহা এয়া যেন এক নাটকত পৰিণত হৈছে ৷
শেহতীয়াকৈ ২১ মে'ত অঞ্চলটোত চৰকাৰে চলাইছিল উচ্ছেদ ৷ উচ্ছেদ অভিযানত ১ হাজাৰ হেক্টৰ ভূমি মুক্ত কৰা বুলি দাবী কৰিছিল GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই ৷ পিছে, বেদখলমুক্ত এই ভূমিত পুনৰ নিৰ্মাণ হ'ল গৃহ ৷ ৰাজ্যৰ শক্তি বিভাগে অঞ্চলটোত যোগান ধৰে বিচ্ছিন্ন কৰা বিদ্যুৎ ৷ যদি সঁচা অৰ্থত অঞ্চলটোত বাস কৰা লোকসকলে ভূমি দখল কৰি তাত আছিল ৷ যাৰ বাবে অঞ্চলটোত চলিছিল উচ্ছেদ, তেন্তে পুনৰ কিয় অঞ্চলটোত সংযোগ হ'ল বিদ্যুৎ?
আনকি নতুনকৈ সংস্থাপন কৰা লোকসকলে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা নাই ৷ শক্তি বিভাগকক মাহিলি বিদ্যুৎ মাচুল প্ৰদান কৰি অঞ্চলবাসীয়ে গ্ৰহণ কৰিছে বিদ্যুৎ৷ এতিয়া প্ৰশ্ন হয়, চৰকাৰে সমস্যা সমাধান বিচাৰে নে সমস্যাসমূহ সমস্যা হৈ থকাটো বিচাৰে ৷ বছৰৰ পিছত বছৰ ইছ্যু সলনি কৰিবলৈ চৰকাৰে জীয়াই ৰাখে নেকি সমস্যাসমূহ, যাৰ বাবে সময়ে সময়ে এইধৰণৰ স্থানত চৰকাৰে উচ্ছেদ চলাই চমক সৃষ্টি কৰাৰ সমান্তৰালকৈ পুনৰ উচ্ছেদৰ বাট মুকলি কৰি ৰাখে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|