ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নিবনুৱা সমস্যা। সংস্থাপনৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ লক্ষাধিক নিবনুৱাই। কিন্তু এই নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ প্ৰতিষ্ঠানে।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নিবনুৱা সমস্যা। সংস্থাপনৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ লক্ষাধিক নিবনুৱাই। কিন্তু এই নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ প্ৰতিষ্ঠানে।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নিবনুৱা সমস্যা। সংস্থাপনৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ লক্ষাধিক নিবনুৱাই। কিন্তু এই নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ প্ৰতিষ্ঠানে। বিশেষকৈ ফাৰ্মাচী শিক্ষাৰ নামত অসমত বৰ্তমান চলিছে কোটিটকীয়া বেহা। অসমৰ বহু ঠাইত বিভিন্ন প্ৰতিষ্ঠানে ফাৰ্মাচী শিক্ষাৰ নামত নূন্যতম সা-সুবিধা নোহোৱাকৈয়ে চলাই আছে পাঠদান।
কিন্তু ফাৰ্মাচী শিক্ষানুষ্ঠান সমূহৰ পৰিদৰ্শনৰ বাবে থকা চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম আৰু ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়া(PCI)ই কি ভিত্তিত এনে প্ৰতিষ্ঠান সমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে সেয়াও অতি ৰহস্যজনক। শেহতীয়াকৈ নগাঁও জিলাৰ জেইল ৰোডত থকা ‘এন ই এফ কলেজ অৱ ফাৰ্মাচিটিকেল এডুকেশ্যন’ নামৰ প্ৰতিষ্ঠান খনে পৰীক্ষাগাৰ নোহোৱাকৈয়ে পাঠদান চলাই থকাৰ অভিযোগ উঠিছে।
নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনত অধ্যয়নৰত একাংশ ছাত্ৰই সংবাদ মাধ্যমক দিয়া অভিযোগ অনুসৰি প্ৰকৃতাৰ্থত পৰীক্ষাগাৰ নথকাকৈ কোনো প্ৰতিষ্ঠানে চিকিৎসা শিক্ষা প্ৰদানৰ অনুমতি পাব নালাগে। তৎসত্বেও নগাঁও জেইল ৰোডত থকা প্ৰতিষ্ঠানখনক PCIয়ে কিহৰ ভিত্তিত অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে সেয়া আশ্বৰ্য্যজনক।
উল্লেখযোগ্য যে, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত বৰ্তমান কাঠফুলাৰ দৰে গঢ়ি উঠা এনে প্ৰতিষ্ঠানসমূহে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বহু ছাত্ৰ-ছাত্ৰীক বৃত্তিগত শিক্ষাৰ চাৰ্টিফিকেট প্ৰদান কৰিছে যদিও এনে বিষয়সমূহে অনিশ্চয়তাৰ মুখলৈ ঠেলি দিছে বহু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। এক কথাত ক'বলৈ গ'লে অসমৰ নিবনুৱা সমস্যা একাংশৰ বাবে হৈ পৰিছে আশীৰ্বাদ স্বৰূপ।
পিছে এইক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়। বৰ্তমান ৰাজ্যৰ চুকে-কোণে গঢ়ি উঠা ব্যক্তিগত প্ৰতিষ্ঠান সমূহত নামভৰ্তি কৰাৰ পূৰ্বে বৃত্তিমুখী শিক্ষাৰ বাবে আগ্ৰহী নিবনুৱা সকলে সকলো দিশ অতি সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰা আৱশ্যকীয় হৈ পৰিছে। কাৰণ নিবনুৱাক সমস্যাৰ সুযোগ গ্ৰহণ কৰিবলৈ সাঁজু হৈ আছে ৰাজ্যত বহু ভুৱা প্ৰতিষ্ঠান
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|