বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত বাধা এইখন অসমতে, সৰ্বত্ৰ প্ৰতিক্ৰিয়া!

প্ৰতিমূৰ্তি নিৰ্মাণ নিয়ম বৰ্হিভূত ভাবে কৰা হৈছে বুলি অভিযোগ একাংশৰ

News18-Assam
Updated:November 3, 2019, 7:59 PM IST
বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত বাধা এইখন অসমতে, সৰ্বত্ৰ প্ৰতিক্ৰিয়া!
Source-Google
News18-Assam
Updated: November 3, 2019, 7:59 PM IST
মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত বাধা এইখন অসমতে। ধেমাজি জিলাৰ জোনাইৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত থকা এখন শিশু উদ্যানৰ প্ৰাংগনত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ যো–জা চলোৱা হৈছিল। চলিত বৰ্ষৰ ৬ চেপ্তেম্বৰৰ দিনা লাচিত প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিক সমিতিৰ সহযোগত শিশু উদ্যানৰ প্ৰাংগনত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

কিন্তু আধাৰশিলা স্থাপন কৰা পাঁচ দিনৰ পিছতেই জোনাই মহকুমাধিপতি লৈ প্ৰতিমূৰ্তি নিৰ্মাণৰ বিৰোধিতা কৰি দুশ বাইশজন লোকে স্বাক্ষৰ কৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতে স্থবিৰ হৈ পৰে নিৰ্মাণ কাৰ্য ৷ স্মাৰকপত্ৰত উল্লেখ কৰা হয় যে,  ‘জোনাইৰ ঐতিহ্য স্বাক্ষৰকাৰী গৌৰবোজ্জল এক মাত্ৰ শিশু উদ্যান সংৰক্ষণ কৰাৰ সন্দৰ্ভত আবেদন জনোৱা হৈছে ৷’ স্মাৰকপত্ৰত লিখা অনুসৰি জোনাইৰ শিশু উদ্যানত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিয়ম বৰ্হিভূত ভাৱে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। গতিকে নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী জনাই লোকসকলে। মিগম দলে,উদাং বি বডোছা,দিব্য পাতিৰ, নিত্যা পেগু নামত যুৱক কেইজনৰ নেতৃত্বতে এনেদৰে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে বুলি বিভিন্ন মহলে অভিযোগ উত্থাপিত কৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি