নিজৰ সময় বচাবলৈ মহানগৰীৰ ৰাজপথত পথচাৰীৰ Hurdle Running!

কোনো বাধাই যে পথচাৰীক ৰখাব নোৱাৰে এই ছবিখন তাৰেই প্ৰমাণ ৷

News18-Assam
Updated:August 7, 2019, 1:21 PM IST
নিজৰ সময় বচাবলৈ মহানগৰীৰ ৰাজপথত পথচাৰীৰ Hurdle Running!
কোনো বাধাই যে পথচাৰীক ৰখাব নোৱাৰে এই ছবিখন তাৰেই প্ৰমাণ ৷
News18-Assam
Updated: August 7, 2019, 1:21 PM IST
যিসময়ত মহানগৰী গুৱাহাটীৰ ৰাজপথ যান-জঁটমুক্ত কৰাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে ডিভাইডাৰ, সৌন্দৰ্য বৰ্ধনৰ বাবে লগোৱা হৈছে ৰেলিং, নতুন পদপথ, তেনে সময়তে এচামৰ কৰ্মকাণ্ডই আচৰিত কৰিছে সকলোকে ৷ যেনি-তেনি ৰাজপথ পাৰ হৈ যাতে পথচাৰীয়ে যান-জঁটৰ সমস্যা বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ডিভাইডাৰসমূহত লগোৱা হৈছে ৰেলিং ৷ কিন্তু কোনো বাধাই যে পথচাৰীক ৰখাব নোৱাৰে এই ছবিখন তাৰেই প্ৰমাণ ৷

সময় বচাবলৈ গৈ একাংশ পথচাৰীয়ে নিতৌ সংঘটিত কৰে এনে কাৰ্য ৷ গুটখাৰ পিকেৰে ৰাজপথত ৰং সানিবলৈও কুন্ঠাবোধ নকৰা একাংশৰ দৰেই এওঁলোকৰ বাবেও আইন-কানুন সকলো গৌণ৷ সময় বচাবলৈ গৈ এনেদৰে একাংশই মহানগৰীৰ ৰাজপথৰ ডিভাইডাৰত লগোৱা ৰেলিং বগাই যেন দেখুৱাইছে 'হৰ্ডল দৌৰ'৷
আৰু চাওক পৰৱৰ্তী বাতৰি