உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অস্ত্ৰ সম্বৰণৰ পিছত গেৰুৱা পোছাক পিন্ধিবলৈ সাজু NDFBৰ একাংশ নেতা–কেডাৰ!

    অস্ত্ৰ সম্বৰণৰ পিছত গেৰুৱা পোছাক পিন্ধিবলৈ সাজু NDFBৰ একাংশ নেতা–কেডাৰ!

    NDFBৰ নেতা-কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বিজেপিৰ সহায়ৰ প্ৰয়োজন হ'ব৷ সেই হিচাপত বিজেপিয়ে দিয়া চৰ্ত মানিবলৈ বাধ্য NDFBৰ চাৰিওটা গোট৷

    • Share this:
    যিকোনো উপায়েৰে BTCক নিজৰ কব্জালৈ আনিব বিচাৰিছে বিজেপিয়ে৷ এই হিচাপত ব্যৱহাৰ কৰিছে 'সাপো মৰক, লাঠিও নাভাঙক' ফৰ্মূলা৷ ইতিমধ্যে ত্ৰিপাক্ষিক চুক্তি কৰি অস্ত্ৰ সম্বৰণ কৰা NDFBৰ চাৰিওটা গোটক বিজেপিয়ে নিজৰ কব্জাত নিবলৈ ব্যৱহাৰ কৰিছে কেতবোৰ পাশুপাত অস্ত্ৰ ৷

    NDFBৰ এক শীৰ্ষ নেতাই (নাম প্ৰকাশত অনিচ্ছুক) News18ক সদৰি কৰা মতে NDFBৰ নেতা-কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বিজেপিৰ সহায়ৰ প্ৰয়োজন হ'ব৷ সেই হিচাপত বিজেপিয়ে দিয়া চৰ্ত মানিবলৈ বাধ্য NDFBৰ চাৰিওটা গোট৷

    “৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ পিছত সম্পাদিত চুক্তিক লৈ বড়ো জণগণ এতিয়া পৰিৱৰ্তনৰ বাবে উৎসাহিত৷ আমি ৰাইজৰ দাবী আৰু আশা-আকাংশাক সন্মান জনাই আগবাঢ়িম৷ এইক্ষেত্ৰত বিজেপি চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাকো আমি অৱজ্ঞা কৰিব নোৱাৰো” – ক'লে NDFBৰ শীৰ্ষ নেতাই৷

    আন এক সূত্ৰই সদৰি কৰা মতে, চলিত মাহৰ শেষ সপ্তাহত নতুন দিল্লীলৈ ৰাওনা হ'ব NDFBৰ শীৰ্ষ নেতৃত্ব৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে NDFBৰ শীৰ্ষ নেতৃত্ব এক বৈঠকত মিলিত হ'ব৷ এইক্ষেত্ৰত NEDAৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ লৈছে৷

    উল্লেখ যোগ্য যে ২০১৬ৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে মিত্ৰতাত আছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BTC চৰকাৰ৷ আসন্ন BTCৰ পৰিষদীয় নিৰ্বাচনতো BJP-AGP-BPFৰ মিত্ৰতাত নিৰ্বাচন খেলাৰ বাবে অপেক্ষাৰত হাগ্ৰামা মহিলাৰী৷ কিন্তু বিগত দুটা বছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰে হোৱা সম্পৰ্কৰ অৱনতিয়ে আহুকালত পেলাইছে হাগ্ৰামা মহিলাৰীক৷ সেই কথা নিজ মুখে ইতিমধ্যে স্বীকাৰো কৰিছে মহিলাৰীয়ে৷
    Published by:Sanjay Kumar Das
    First published: