চৰকাৰ–প্ৰশাসন নহয়, লকডাউনৰ সময়ত বাইহাটা চাৰিআলিত কেইজনমান হৃদয়বান লোকে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

News18 Assam | News18-Assam
Updated:April 9, 2020, 1:24 PM IST
চৰকাৰ–প্ৰশাসন নহয়, লকডাউনৰ সময়ত বাইহাটা চাৰিআলিত কেইজনমান হৃদয়বান লোকে বিতৰণ কৰিলে খাদ্য সামগ্ৰী
কোৰোণাৰ বিৰুদ্ধে এই যুঁজখনলৈ বহু লোকে আগবঢ়াইছে সহায়ৰ হাত। কোনোবাই যদি পিএম–কেয়াৰ্ছলৈ দান কৰিছে, কোনোবাই আকৌ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ।

কোৰোণাৰ বিৰুদ্ধে এই যুঁজখনলৈ বহু লোকে আগবঢ়াইছে সহায়ৰ হাত। কোনোবাই যদি পিএম–কেয়াৰ্ছলৈ দান কৰিছে, কোনোবাই আকৌ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ।

  • Share this:
বাইহাটা চাৰিআলিৰ উত্তৰ আগডলাত সাহায্য সামগ্ৰী বিতৰণ। চৰকাৰ–প্ৰশাসন নহয়, কেইজনমান সমাজ সচেতন লোকে কোৰোণাৰ এই সংকটৰ সময়ত সমস্যাৰ সন্মুখীন হোৱা ৩৫টাকৈ পৰিয়াললৈ আগবঢ়ালে খাদ্য সামগ্ৰী। সংকটৰ সময়ত সাধ্য অনুসৰি এই পৰিয়ালসমূহলৈ আগবঢ়ালে চাউল, ডাইল, আটা, আলু, মিঠাতেল, নিমখ, বিস্কুট, চাবোন আদি সামগ্ৰী। সামাজিক দূৰত্ব বজাই ৰাখি সাহায্য সামগ্ৰী গ্ৰহণ কৰে পৰিয়ালেকইটাই। স্বাস্থ্যকৰ্মী হিমাংশু দাস, মৃদুল কুমাৰ দাস, শিক্ষক ৰাজীৱ কলিতা, শিক্ষয়িত্ৰী টুটুমণি কলিতাই দান কৰে এই সাহায্য সামগ্ৰীসমূহ।

কোৰোণাৰ বিৰুদ্ধে এই যুঁজখনলৈ বহু লোকে আগবঢ়াইছে সহায়ৰ হাত। কোনোবাই যদি পিএম–কেয়াৰ্ছলৈ দান কৰিছে, কোনোবাই আকৌ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। তাৰ মাজতে কিছু লোকে লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে সমস্যাত পৰা লোকসকলক।



বাইহাটা চাৰিআলিৰ উত্তৰ আগডলাতো এইদৰে একাংশ দৈনিক শ্ৰম কৰি খোৱা লোকক সহায়ৰ হাত আগবঢ়ালে এইসকল হৃদয়বান লোকে।



এই সাহায্য বিতৰণত আগভাগ লোৱা প্ৰফুল্ল কুমাৰ দাসে কয় – ‘তেওঁলোকো আমাৰে ভাই–ভনী। তেওঁলোক নোখোৱাকৈ থাকিলে আমি জানো শান্তিত খাব পাৰিম। এই বিপদৰ সময়ত সকলোৱে মিলিজুলি কোৰোণাৰ বিৰুদ্ধে এই যুঁজখনত আমি জয়ী হ’ব লাগিব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading