News18 ৰ লগ' ব্যৱহাৰ কৰি অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ ভাষ্য বিকৃত কৰি প্ৰচাৰ কৰিছে এই পেজে।
News18 ৰ লগ' ব্যৱহাৰ কৰি অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ ভাষ্য বিকৃত কৰি প্ৰচাৰ কৰিছে এই পেজে।
News18ৰ লগ' ব্যৱহাৰ কৰি ফেচবুকত ভুৱা পোষ্ট দুষ্টচক্ৰৰ। News18ৰ গ্ৰাফিক্স প্লেট ব্যৱহাৰ কৰি ফেচবুকত এক তৰল পোষ্ট শ্বেয়াৰ কৰিছে এটা ফেচবুক পেজে। দৰ্শকসকলক স্পষ্ট কৰি দিব বিচাৰিছো যে, এনেধৰণৰ কোনো পোষ্ট News18ৰ ফালৰ পৰা শ্বেয়াৰ কৰা হোৱা নাই। দুষ্ট চক্ৰটোৱে News18ৰ গ্ৰাফিক্স প্লেট ব্যৱহাৰ কৰি মৰ্ফ কৰি এই পোষ্ট শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
পোষ্টটোত লিখা হৈছে ‘‘দুটাতকৈ অধিক বয়ফ্ৰেণ্ড থকা ছোৱালীয়ে ভৰিব লাগিব ১০,০০০ টকা। এই কথা আজি ঘোষণা কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই।’’ এনেধৰণৰ কোনো পোষ্ট শ্বেয়াৰ কৰা নাই News18–এ। News18 ৰ লগ' ব্যৱহাৰ কৰি অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ ভাষ্য বিকৃত কৰি প্ৰচাৰ কৰিছে এই পেজে। জনসাধাৰণক এই বিকৃত পোষ্ট শ্বেয়াৰ নকৰিবলৈ অনুৰোধ।
সমাজৰ প্ৰতি দায়বদ্ধতাৰে প্ৰতিটো বাতৰি সম্প্ৰচাৰ কৰি আহিছে News18–এ। ‘মিম’ৰ নামত নিউজ চেনেলৰ লগ’ ব্যৱহাৰ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰাটো অপৰাধ। ইতিমধ্যে News18 কৰ্তৃপক্ষই এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।
ছচিয়েল মিডিয়াত কোনো পোষ্ট কৰোতে দায়বদ্ধ হওক। ভুৱা পোষ্ট শ্বেয়াৰ নকৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|