মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Himanta Biswa Sarma : ‘কংগ্ৰেছৰ বহু বিধায়কৰ শৰীৰটোহে কংগ্ৰেছত আছে, আত্মাটো মোৰ লগত আছে’- ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma : ‘কংগ্ৰেছৰ বহু বিধায়কৰ শৰীৰটোহে কংগ্ৰেছত আছে, আত্মাটো মোৰ লগত আছে’- ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:August 5, 2021, 4:04 PM IST
Himanta Biswa Sarma : ‘কংগ্ৰেছৰ বহু বিধায়কৰ শৰীৰটোহে কংগ্ৰেছত আছে, আত্মাটো মোৰ লগত আছে’- ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামে ভৱিষ্যতে সীমান্তত আৰক্ষী প্ৰেৰণ নকৰিলে দুয়োখন ৰাজ্যৰ মাজত শান্তি-সম্প্ৰীতি অটুট থাকিব বুলি কয়।

মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামে ভৱিষ্যতে সীমান্তত আৰক্ষী প্ৰেৰণ নকৰিলে দুয়োখন ৰাজ্যৰ মাজত শান্তি-সম্প্ৰীতি অটুট থাকিব বুলি কয়।

  • Share this:
আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নৱগ্ৰহ শ্মশানত আয়োজিত কৰ্মচাৰী দিৱস উদযাপন অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ৭১সংখ্যক মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানৰ অন্তত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ বহু বিধায়কৰ কেৱল শৰীৰটোহে কংগ্ৰেছত আছে আৰু আত্মাটো তেওঁৰ লগত থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

নিৰ্বাচনত পৰাজয় হোৱাৰ শংকাতহে তেওঁলোক বিজেপিলৈ অহা নাই বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰাৰ লগতে সংখ্যালঘু অঞ্চলতো মানুহে যদি বিজেপিক ভোট দিম বুলি কয় তেন্তে সেইসকল বিধায়কো বিজেপিলৈ আহিব বুলি মন্তব্য কৰে ড০ শৰ্মাই।

উল্লেখ্য যে, ছচিয়েল মিডিয়াত অসম গৌৰৱ লাভলীনা বৰগোঁহাইক চাকৰি দিয়াৰ সন্দৰ্ভত চলি থকা বিভিন্ন কথাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীক চৰকাৰে যিমানেই যি নিদিয়ক কিয় সেয়া তেওঁৰ অৱদানৰ তুলনাত কমহে হ’ব বুলি কয়।

ধিং এক্সপ্ৰেছ হিমা দাসক বিভিন্নজনে কৰা সমালোচনাত তেওঁ দুখ প্ৰকাশেৰে অসম তথা দেশৰ নাম উজলোৱাত হিমাৰ অৱদান বহুত বুলি কোৱাৰ ওপৰিও খেলুৱৈক যথাযথ সংস্থাপন দিয়াটো চৰকাৰৰ কৰ্তব্য বুলি জনায়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পি ভি সিন্ধু, মীৰাবাঈ চানুৰ প্ৰসংগ টানি আনি তেওঁলোককো নিজৰ নিজৰ ৰাজ্য চৰকাৰে উচ্চ পদত সংস্থাপন দিয়া বুলি কয়।

ইফালে সাংবাদিকসকলে অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত সোধা আন প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামে ভৱিষ্যতে সীমান্তত আৰক্ষী প্ৰেৰণ নকৰিলে দুয়োখন ৰাজ্যৰ মাজত শান্তি-সম্প্ৰীতি অটুট থাকিব বুলি কয়। লগতে অসম-মিজোৰাম সীমান্তত অসমৰ যি ছয়গৰাকী জোৱানে প্ৰাণ আহুতি দিছিল তেওঁলোকলৈ মিজোৰাম চৰকাৰে এতিয়ালৈ কোনো শোক বাৰ্তা প্ৰেৰণ কৰা নাই আৰু অতি শীঘ্ৰে ৰাজ্যখনৰ চৰকাৰে শ্বহীদ জোৱানকেইজনৰ বাবে অসমৰ ৰাইজলৈ শোক বাৰ্তা প্ৰেৰণ কৰাটো বিচাৰে বুলি জনায়।

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ৭১তম মৃত্যু দিৱস উপলক্ষে নৱগ্ৰহ শ্মশানস্থিত তেখেতৰ সমাধিত আয়োজিত কৰ্মচাৰী দিৱসত দিয়া ভাষণ প্ৰসংগত স্বাধীনতাৰ সময়ছোৱাত অসমৰ অস্তিত্ব ৰক্ষাৰ উদ্দেশ্যে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰহণ কৰা সবল ভূমিকাক শ্ৰদ্ধাৰে সোঁৱৰে। লগতে অসম আৰু অসমীয়া সমাজৰ প্ৰতি থকা তেখেতৰ অৱদান তথা অতুলনীয় কৰ্মৰাজিৰ কথা উল্লেখ কৰি সেইসমূহৰ সম্পৰ্কে যাতে ভৱিষ্যত প্ৰজন্মই ভালদৰে জানিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত গোপীনাথ বৰদলৈৰ ওপৰত এখন বাধ্যতামূলক পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে। আজিৰ অনুষ্ঠানটোত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ লগতে গোপীনাথ বৰদলৈৰ পৰিয়ালৰ বহুকেইগৰাকী লোক তথা জিলা প্ৰশাসনৰ বহু গণ্য মান্য লোক উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: August 5, 2021, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি