‘আজমলৰ চৰিত্ৰ বিশ্বাসঘাতকতাৰ চৰিত্ৰ, বিশ্বাস কৰিব নোৱাৰি’

News18 Assam | News18-Assam
Updated:August 24, 2020, 8:31 PM IST
‘আজমলৰ চৰিত্ৰ বিশ্বাসঘাতকতাৰ চৰিত্ৰ, বিশ্বাস কৰিব নোৱাৰি’
কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'লে বহু কংগ্ৰেছৰ বহু বিধায়ক আৰু প্ৰাক্তন বিধায়কে টিকট নাপাব বুলি আশংকা কৰা হৈছে৷

কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'লে বহু কংগ্ৰেছৰ বহু বিধায়ক আৰু প্ৰাক্তন বিধায়কে টিকট নাপাব বুলি আশংকা কৰা হৈছে৷

  • Share this:
বদৰুদ্দিন আজমলৰ AIUDFৰে মিত্ৰতা কৰিবলৈ গৈ এতিয়া নিজ দলৰে নেতাৰ বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ৷ ৰাণা গোস্বামী, ৰূপজ্যোতি কুৰ্মী আদি বিধায়কে ইতিমধ্যে AIUDFৰ সৈতে মিত্ৰতা কৰিলে কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ'ব বুলি ৰাজহুৱাকৈ  ঘোষণা কৰিছে৷

ইয়াৰ পিছত এইবাৰ কংগ্ৰেছৰ সংখ্যালঘু প্ৰাক্তন সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ গোটে বিৰোধিতা কৰিলে এই মিত্ৰতাৰ৷ এই হিচাপত সোমবাৰে নতুন বিধায়ক আবাসত এক বৈঠক আয়োজন কৰে কংগ্ৰেছৰ সংখ্যালঘু প্ৰাক্তন নেতৃত্বই৷ প্ৰাক্তন মন্ত্ৰী মহিবুল হক, প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, ইদ্ৰিছ আলী, ৰছুল হক বাহাদুৰ, মকবুল হুছেইন আদিয়ে অংশগ্ৰহণ কৰা বৈঠকত গঠন কৰে এক ষ্টেৰিং কমিটী৷

ষ্টেৰিং কমিটী গঠন কৰি ঘোষণা কৰিলে - “AIUDF সাম্প্ৰদায়িক দল৷ BJPৰ দৰেই সাম্প্ৰদায়িক AIUDF৷ সাম্প্ৰদায়িক AIUDFৰে মিত্ৰতা মানি লোৱা নহ'ব৷”

এই কথা ঘোষণা কৰি মহিবুল হকে লগতে ক'লে- “বদৰুদ্দিন আজমলক বিশ্বাস কৰিব নোৱাৰি৷ শেষ মুহূৰ্তত বাগৰ সলাব পাৰে আজমলে৷ আজমলৰ চৰিত্ৰই বিশ্বাসঘাতকতাৰ চৰিত্ৰ৷ নিজৰ দলৰ প্ৰতিষ্ঠাপক নেতাসকলে তেওঁক বিশ্বাসঘাতকতা কৰাৰ বাবেই লগ এৰি গুচি গৈছে৷ এতিয়া সেই আজমলৰ সৈতে মিত্ৰতা কৰিলে শেষ মুহূৰ্তত লুটিবাগৰ মাৰিব পাৰে আজমলে৷ তেতিয়া কিন্তু মহাবিপদত পৰিব কংগ্ৰেছ৷”

প্ৰাক্তন সংখ্যালঘু কংগ্ৰেছী সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ গোটটোৱে AIUDFৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত চৰম বিৰোধিতা কৰাৰ সময়ত কিন্তু জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মিত্ৰতাক সমৰ্থন জনায়৷ ৱাজেদ আলী চৌধুৰীয়ে BJPক কঠোৰ ভাষাৰে সমালোচনা কৰি ক'লে- “BJPএ কৰিলে লীলা, কংগ্ৰেছে কৰিলে কিলা৷ এয়া কেনে কথা৷ ইমান তললৈ গৈ ৰাজনীতি কৰিব নাপায়৷ BJP–এ ভয় খাই যিকোনো কথা কোৱা আৰম্ভ কৰিছে৷”

ৱাজেদ আলী চৌধুৰীয়ে পুনৰ ক'লে- “AIUDF–এ অসমবিৰোধী কোনো কাম কৰা নাই৷ সেই হিচাপত AIUDFৰ সৈতে মিত্ৰতা কৰিলে কোনো ক্ষতি নহয় কংগ্ৰেছৰ৷”

উল্লেখযোগ্য যে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'লে বহু কংগ্ৰেছৰ বহু বিধায়ক আৰু প্ৰাক্তন বিধায়কে টিকট নাপাব বুলি আশংকা কৰা হৈছে৷
Published by: Sanjay Kumar Das
First published: August 24, 2020, 8:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি