২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তত্পৰ হৈছে ৰাজ্যৰ শাসক বিৰোধী। সকলোৱে এতিয়া প্ৰস্তুত কৰিছে নিজ নিজ দলৰ ৰণনীতি। তাৰ মাজতে বিজেপিত যোগাদন কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ বহু শীৰ্ষস্থানীয় নেতাই।
শুকুৰবাৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা বৰাকৰ কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথে শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে। তাৰ মাজতে শনিবাৰে পাঠশালাত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিস্ফোৰণ। শীঘ্ৰে কংগ্ৰেছলৈ আহিব বিজেপিৰ বহু শীৰ্ষস্থানীয় নেতা-কৰ্মী।
ইফালে ৰিপুণ বৰাই বিজেপিৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ৰাজদ্বীপ গোৱালা আৰু ৰুমী নাথক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। সেইদৰে হাগ্ৰামা মহিলাৰীকো কংগ্ৰেছৰ পক্ষত আহিবলৈ আহ্বান ৰিপুণ বৰাৰ। ইতিমধ্যে হাগ্ৰামাৰ সৈতে কংগ্ৰেছৰ যোগাযোগ চলিছে বুলিও জনাই ৰিপুণ বৰাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|