আকৌ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব নেকি অগপ (প্ৰগতিশীল)? জিলাই জিলাই ঘূৰিছে প্ৰফুল্ল কুমাৰ মহন্ত

২০২১ চনৰ বিধান সভা নিৰ্বাচন সমাগত। কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ কেন্দ্ৰ কৰি এতিয়া আকৌ অগপৰ ভিতৰচঁৰাত সৃষ্টি হৈছে তীব্ৰ সংঘাত।
২০২১ চনৰ বিধান সভা নিৰ্বাচন সমাগত। কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ কেন্দ্ৰ কৰি এতিয়া আকৌ অগপৰ ভিতৰচঁৰাত সৃষ্টি হৈছে তীব্ৰ সংঘাত।
- News18 Assam
- Last Updated: August 7, 2020, 4:56 PM IST
২০২১ চনৰ বিধান সভা নিৰ্বাচন সমাগত। কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ কেন্দ্ৰ কৰি এতিয়া আকৌ অগপৰ ভিতৰচঁৰাত সৃষ্টি হৈছে তীব্ৰ সংঘাত। কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে এতিয়া ৰাজহুৱাকৈ সৰব কৰা দেখা যায় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। তেনে সময়তে এতিয়া আকৌ চৰ্চালৈ আহিছে অসম গণ পৰিষদ (প্ৰগতিশীল) পুনৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ প্ৰসংগ। ইতিমধ্যে প্ৰফুল্ল কুমাৰ মহন্তই জিলা জিলাই ভ্ৰমণ কৰি একগোট কৰাত লাগিছে অগপৰ অসন্তুষ্ট নেতা-কৰ্মীক।

শেহতীয়াকৈ উজনি অসমৰ আটাইকেইখন জিলালৈ যোৱা প্ৰফুল্ল কুমাৰ মহন্তই সম্প্ৰতি বৰাক উপত্যকা ভ্ৰমণলৈ গৈছে। শদিয়াৰ পৰা ধুবৰীলৈকে ৰাজ্যৰ বিভিন্ন সমস্যা বুজ লোৱাৰ উপৰিও অগপৰ তৃণমূলৰ নেতা কৰ্মী সকলক সাক্ষাৎ কৰিছিল মহন্তই। এই সময়তে ৰাজ্যৰ প্ৰধান আঞ্চলিক দলটোৰ বহু নেতা কৰ্মীয়ে প্ৰফুল্ল কুমাৰ মহন্তক আকৌ অসম গণ পৰিষদ প্ৰগতিশীল দলটো শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। নিউজ ১৮ ক এই কথা জনাইছে পূৰ্বৰ অগপ প্ৰগতিশীলৰ সম্পাদক প্ৰণৱ গোস্বামীয়ে।
প্ৰণৱ গোস্বামীয়ে জনোৱা মতে, প্ৰফুল্ল কুমাৰ মহন্তই অগপক শক্তিশালী কৰাটো বিচাৰে। কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য কৰি অগপ প্ৰগতিশীল দল আকৌ গঠন কৰি ৰাজ্যৰ ৪০টা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব দিয়াৰ পোষকতা কৰিছে বহু জ্যেষ্ঠ-কনিষ্ঠ অগপ কৰ্মীয়ে।