உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিদ্যুৎ বিভাগৰ সংস্কাৰৰ মাজতে চামগুৰিৰ এটা ছ'লাৰ পাৱাৰ কোম্পানীৰ অবৈধ বিদ্যুৎ সংযোগৰ কাৰচাজি

    বিদ্যুৎ বিভাগৰ সংস্কাৰৰ মাজতে চামগুৰিৰ এটা ছ'লাৰ পাৱাৰ কোম্পানীৰ অবৈধ বিদ্যুৎ সংযোগৰ কাৰচাজি

     "আজুৰ" নামৰ এটা ছ'লাৰ পাৱাৰ কোম্পানীয়ে দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন দল-সংগঠনৰ।

    "আজুৰ" নামৰ এটা ছ'লাৰ পাৱাৰ কোম্পানীয়ে দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন দল-সংগঠনৰ।

    "আজুৰ" নামৰ এটা ছ'লাৰ পাৱাৰ কোম্পানীয়ে দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন দল-সংগঠনৰ।

    • Share this:

    শক্তিমন্ত্ৰী বিমল বৰাই দায়িত্বভাৰ লৈয়ে বিদ্যুৎ বিভাগৰ কেতবোৰ সংস্কাৰ সাধন কৰাৰ সময়তে নগাঁও জিলাৰ বঢ়মপুৰত পোহৰলৈ আহিছে এটা বিশেষ ছ'লাৰ পাৱাৰ কোম্পানীৰ অবৈধ বিদ্যুৎ সংযোগৰ কাৰচাজি। শেহতীয়াকৈ চৰকাৰৰ আশীৰ্বাদপুষ্ট "আজুৰ" নামৰ এটা ছ'লাৰ পাৱাৰ কোম্পানীয়ে দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ দল-সংগঠনৰ লগতে স্থানীয় ৰাইজেও।


    স্থানীয় ৰাইজে কিছুদিন পূৰ্বেই বিষয়টো জানিব পাৰি বিদ্যুৎ বিভাগক অৱগত কৰাত চামগুৰিস্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ পৰা অহা এটা দলে জব্দ কৰে অবৈধভাৱে  সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ। আনহাতে এই বিদ্যুৎ চুৰি কাৰ্যৰ বিৰুদ্ধে নগাঁও সংমণ্ডলৰ মহাপ্ৰবন্ধকগৰাকীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় স্থানীয় বিভিন্ন দল-সংগঠনে।


    ইয়াকে লৈ স্থানীয় একাংশ দল-সংগঠনে যৌথভাৱে সংবাদমেলৰ আয়োজন কৰি শীঘ্ৰে তদন্ত কৰি বিদ্যুৎ চুৰিৰ লগত জড়িত আজুৰ কোম্পানীৰ কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে বঢ়মপুৰ সমষ্টি তথা চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা কৃষক ৰাইজক চৰকাৰ-প্ৰশাসনে বীৰত্ব দেখুৱাই উচ্ছেদ কৰি এটা বিশাল ছ'লাৰ পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰা কাৰ্যৰ বিৰোধিতাৰে ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল কৃষক বিক্ষোভ।


    লক্ষণীয়ভাৱে ৰাইজৰ তীব্ৰ প্ৰতিবাদকো বুঢ়া আঙুলি দেখুৱাই অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ.পি.ডি.চি.এলৰ  জৰিয়তে "আজুৰ"কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ মিকিৰ-বামুণী গ্ৰান্টত সৌৰশক্তিৰে বিদ্যুৎ উৎপাদনৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে।


    কৃষকসকলক বলপূৰ্বকভাৱে উচ্ছেদ কৰি মাটি বহিৰাগত বণিক গোষ্ঠীক গতাই দিয়াৰ প্ৰতিবাদত গণৰাজ্য দিৱসৰ দিনাৰে পৰা বঢ়মপুৰ  বামুণীৰ মিকিৰ-বামুণী গ্ৰান্টত আৰম্ভ হোৱা কৃষক বিক্ষোভে ইতিমধ্যে ৭ মাহত ভৰি দিলে। নিজৰ মাটিৰ ৰায়তী খতিয়ান ঘূৰাই দিয়াৰ দাবীত কোলাত কণ কণ শিশু লৈ মহিলাৰ পৰা বৃদ্ধ লৈকে অংশগ্ৰহণ কৰিছিল এই কৃষক বিক্ষোভত। কিন্তু অতি উদ্বেগজনক ভাৱে এইসকল দুৰ্ভগীয়া কৃষকৰ পক্ষত আজি পৰ্যন্ত উপস্থিত নহ'ল চৰকাৰ অথবা প্ৰশাসনৰ কোনো এজন ব্যক্তি।

    Published by:Gautam Barman
    First published: