সূৰ্যগ্ৰহণৰ সময়ত কি কি কৰা উচিত নহয়, কি কৰিলে আপোনাৰ ওপৰত পৰিব পাৰে কুপ্ৰভাৱ

News18 Assam | News18-Assam
Updated:December 26, 2019, 10:01 AM IST
সূৰ্যগ্ৰহণৰ সময়ত কি কি কৰা উচিত নহয়, কি কৰিলে আপোনাৰ ওপৰত পৰিব পাৰে কুপ্ৰভাৱ
আহক জানো জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে সূৰ্যগ্ৰহণৰ সময়ত কি কি কাম কৰিব নালাগে।

আহক জানো জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে সূৰ্যগ্ৰহণৰ সময়ত কি কি কাম কৰিব নালাগে।

  • News18 Assam
  • Last Updated: December 26, 2019, 10:01 AM IST
  • Share this:
আজি বছৰটোৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ দৃশ্য ভাৰতৰ লগতে নেপাল, চীন, অষ্ট্ৰেলিয়াসহ কেইবাখনো দেশৰ পৰা প্ৰত্যক্ষ হৈছে। প্ৰায় তিনি ঘণ্টা ধৰি চলিব এই মহাজাগতিক পৰিঘটনা। জ্যোতিষ শাস্ত্ৰৰ মতে এই সূৰ্যগ্ৰহণ খণ্ডগ্ৰাহ গ্ৰহণ। সূৰ্যগ্ৰহণৰ সময়ত কৰা কামে নেতিবাচক প্ৰভাৱ পেলায় বুলি আছে জনবিশ্বাস। আহক জানো জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে সূৰ্যগ্ৰহণৰ সময়ত কি কি কাম কৰিব নালাগে।

>> গ্ৰহণ আৰম্ভ হোৱাৰ সময়ত কোনো ধৰণৰ মাংগলিক কাম কৰিব নালাগে। ই নেতিবাচক প্ৰভাব পেলায়।
>> সূৰ্যগ্ৰহণৰ সময়ত অন্ন আৰু পানী গ্ৰহণ কৰা উচিত নহয়। এই সময়ত খাদ্য দুষিত হয় বুলি কোৱা হয়। সেয়ে কিছুমান লোকে গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে খাদ্যত তুলসীৰ পাত পেলাই থয়, যাতে দুষিত নহয়।

>> এই সময়ছোৱাত ঘৰৰ বাহিৰলৈ ওলোৱা, কোনো শান্ত বা নিৰ্জন ঠাইত যোৱাৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়া হয়। এই সময়ত ঋণাত্মক শক্তিৰ প্ৰভাৱ অধিক হয় বুলি বিশ্বাস আছে।
>> সূৰ্যগ্ৰহণৰ সময়ছোৱাই গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হানিকাৰক প্ৰভাৱ পেলাই বুলি কোৱা হয়। এই সময়ত গৰ্ভৱতী মহিলাই খাদ্য প্ৰস্তুত কৰা আদি কামৰ পৰা বিৰত থাকিব লাগে।
>> সূৰ্যগ্ৰহণৰ সময়ত তুলসী গছৰ পাত নিচিঙিব। যদি আপোনাক তুলসীৰ পাত কোনো কামত প্ৰয়োজন তেন্তে গ্ৰহণৰ পূৰ্বেই চিঙি ৰাখিব লাগে।
>> সূৰ্যগ্ৰহণৰ সময়ত ভগৱানৰ মূৰ্তি স্পৰ্শ নকৰিব আৰু পূজাঘৰ খোলা নাৰাখিব।

>> সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ পৰা হানিকাৰক ৰশ্মি নিৰ্গত হয় বুলি কোৱা হয়। সেয়েহে কেতিয়াও খালী চকুৰে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নকৰিব। ইয়াৰ ফলত আপোনাৰ চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি