• Home
  • »
  • News
  • »
  • assam
  • »
  • ডেৰ শতাধিক শিল্পীৰ কণ্ঠত মুখৰিত হ'ল সুধাকণ্ঠৰ অমৰ গীত "মানুহে মানুহৰ বাবে", কোৰোণা কালত শিল্পীলৈ 'সৃষ্টি'ৰ সহায়ৰ হাত।

ডেৰ শতাধিক শিল্পীৰ কণ্ঠত মুখৰিত হ'ল সুধাকণ্ঠৰ অমৰ গীত "মানুহে মানুহৰ বাবে", কোৰোণা কালত শিল্পীলৈ 'সৃষ্টি'ৰ সহায়ৰ হাত।

শিল্পীসকলৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে- বিধায়ক ৰূপক শৰ্মা

শিল্পীসকলৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে- বিধায়ক ৰূপক শৰ্মা

শিল্পীসকলৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে- বিধায়ক ৰূপক শৰ্মা

  • Share this:
কোৰোণাৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে প্ৰায় মানুহ হতাশা, খং, ক্ষোভৰ মাজেৰে দিন অতিবাহিত কৰিছে। কৰ্মহীনতাৰ কাৰণে আৰ্থিকভাৱে জুৰুলা হোৱা দেখা গৈছে। ইয়াৰ মাজতে কিছু সংখ্যকলোকে মানুহক মানসিক প্ৰশান্তি যোগাবলৈ অহৰহ চেষ্টা কৰিছে।  তেনে এক প্ৰসংশনীয় কাৰ্য কৰা দেখা গ'ল নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সৃষ্টি'ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত।

প্ৰতিবছৰে নগাঁৱৰ নেহেৰুবালিত আড়ম্বৰপূৰ্ণ ভাৱে ব'হাগী বিদায়ৰ অনুষ্ঠান আয়োজিত কৰা সৃষ্টিয়ে বিগত বছৰৰ দৰে এই বছৰটো কোৰোণাৰ বাবে অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল। কোনো ধৰণৰ দান-বৰঙণি নোহোৱাকৈ সৃষ্টিৰ কৰ্মকৰ্তা সকলৰ নিজা বৰঙণিৰে আয়োজন কৰা এই অনুষ্ঠানৰ জমা ধনৰাশিৰে আজি নগাঁৱৰ ডেৰ শতাধিক শিল্পীলৈ সহায়ৰ হাত আগবঢ়ায় । নগাঁৱৰ চৰকাৰী বালিকা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত নগাঁৱৰ ডেৰ শতাধিক শিল্পীলৈ সহায়ৰ হাত আগবঢ়াই বিধায়ক ৰূপক শৰ্মাৰ লগতে সৃষ্টিৰ কৰ্মকৰ্তা সকলে।

বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ কেইগৰাকীমান সংস্কৃতিবান লোকৰ উদ্যোগত জন্মলাভ কৰিছিল 'সৃষ্টি'য়ে। "শিল্পী সকল সমাজৰ বাবে দাপোণ স্বৰূপ। কোৰোণাই আৰ্থিক ভাৱে বিধস্ত কৰা শিল্পীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে"-  অনুষ্ঠানত এই মন্তব্য কৰে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

এই অনুষ্ঠানতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" সমস্বৰে পৰিৱেশন কৰে ডেৰ শতাধিক শিল্পীয়ে। গীতটিত তবলা বাদন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত তেঁও জড়িত দিনবোৰৰ কথাও সোঁৱৰে। আজি আয়োজিত অনুষ্ঠানটিত বিধায়ক ৰূপক শৰ্মাৰ লগতে উপস্থিত থাকে সৃষ্টিৰ কৰ্মকৰ্তা ডা: অৰূপজ্যোতি মহন্ত, শিল্পী ৰঞ্জিত বৰা, কমলা বৰুৱা, গৌতম বৰা, জগৎ বৰা, জিতু শ্ৰাৱণ আদি নগাঁৱৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত নগাঁৱৰ ডেৰ শতাধিক ব্যক্তি।
Published by:Manjumoni Borah
First published: