ছচিয়েল মিডিয়াৰ কাৰণে ধৰা পৰিল ISISৰ তিনিটা সন্ত্ৰাসবাদী, ৰাসমেলাত বিস্ফোৰণৰ পৰিকল্পনা স্বীকাৰ

News18-Assam
Updated:November 26, 2019, 1:45 PM IST
ছচিয়েল মিডিয়াৰ কাৰণে ধৰা পৰিল ISISৰ তিনিটা সন্ত্ৰাসবাদী, ৰাসমেলাত বিস্ফোৰণৰ পৰিকল্পনা স্বীকাৰ
আন আন জিলাতো আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰাখিছে।

আন আন জিলাতো আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰাখিছে।

  • Share this:
ছচিয়েল মিডিয়াৰ কাৰণে ISISৰ তিনিটা সন্ত্ৰাসবাদী ধৰা পৰিল! ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় আছিল গোৱালপাৰাত ধৰা পৰা যুৱককেইজন। আৰক্ষীৰ জেৰাত ধৃত তিনিটা সন্ত্ৰাসবাদীয়ে দিছে বিভিন্ন বিস্ফোৰক তথ্য। গোৱালপাৰাৰ মেলাত বিস্ফোৰণৰ পৰিকল্পনাৰ কথা স্বীকাৰ কৰিছে তিনিওটা সন্ত্ৰাসবাদীয়ে। ইয়াৰ কাৰণে ফটকা-জুইশলাৰ বাৰুদ একত্ৰিত কৰাৰ তথ্যও আহিছে আৰক্ষীৰ হাতলৈ।  দুধনৈ আৰু দিল্লীত ভয়ংকৰ বিস্ফোৰণৰ পৰিকল্পনাৰে আৰক্ষীৰ জালত পৰা  ISISৰ তিনিটা সন্ত্ৰাসবাদীক লৈ লৈ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তিনিওটা সন্ত্ৰাসবাদীৰ বাহিৰৰ কোন কোন লোকৰ সৈতে সম্পৰ্ক আছিল আৰু কেনেকৈ ISISত জৰিত হ’ল সেই লৈ জেৰা কৰি থকাৰ তথ্যও প্ৰকাশ কৰিছে আৰক্ষীয়ে। তিনিওটাকে আৰক্ষীয়ে বাৰ দিনৰ জিম্মাত লৈছে। গোৱালপাৰাৰ ২৫বছৰৰ অনুৰ্ধৰ সন্ত্ৰাসবাদীকেইটা ধৰা পৰাৰ পিছতে আৰক্ষীয়ে আন আন জিলাতো জেহাদী কাৰ্যকলাপত তীক্ষ্ন দৃষ্টি দিয়াৰ কথা উল্লেখ কৰে।



উল্লেখযোগ্য যে, আধাৰ কেন্দ্ৰৰ কৰ্মচাৰী, মাছ বিক্ৰেতা আৰু ড্ৰাইভাৰৰ ৰূপত অসমত সক্ৰিয় হৈ আছিল ISISৰ  তিনিওটা সন্ত্ৰাসবাদী। দুধনৈৰ ৰাসমেলাত বিস্ফোৰণ সংঘটিত কৰি দিল্লীত মহাবিস্ফোৰণৰ পৰিকল্পনা কৰোতে আৰক্ষীৰ জালত পৰিছিল জামিউল জামাল, মোকাদ্দেছ ইছলাম আৰু ৰঞ্জিত আলী। সন্ত্ৰাাসবাদী কেইটাৰ পৰা  বোমা–বাৰুদ আৰু টাইমাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি