'মুখত ব্ৰাচলৈ ৱাইন শ্বপলৈ যোৱাৰ সময় আহি গৈছে ৰাইজ', '৯ বজাত ৱাইন শ্বপ খুলিবলৈহে কৈছো, খালী পেটত মাৰি নিদিব আকৌ ৰাইজ'- ছচিয়েল মিডিয়াত আজিৰ দিনটোত তেনেই সুলভ হৈ পৰিছে এনেধৰণৰ মিম। এনে মিম ভাইৰেল হোৱাৰ কাৰণো নথকা নহয়!
![]()
সুৰাপায়ীৰ মনৰ কষ্ট বুজি চৰকাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈ ৱাইন শ্বপ খোলাৰ অনুমতি দিছে। গতিকে পানী টুপি নহ'লে দিনটো ৰাই-জাই কৰি থকাসকলে আজি পুৱা ৭ মান বজাৰ পৰাই ৱাইন শ্বপৰ সন্মুখত দীঘলীয়া শাৰী পতা পৰিলক্ষিত হ'ল। আনকি বৰষুণলৈয়ো কেৰেপ নকৰি মুখত মাস্ক পৰিধান কৰি দীঘলীয়া শাৰীৰ অন্তত দিনটোৰ বাবে যোগাৰ কৰি মুখত এমোকোৰা হাঁহি লৈ ঘৰমুৱা হৈছে একাংশ।
![]()
কভিডৰ মহামাৰীৰ মাজতেই সুৰাপায়ীসকলৰ বাবে এই সুখবৰ দিছে ৰাজ্য চৰকাৰে। কঠোৰ সান্ধ্য আইন বলৱৎ হ’লেও আজিৰে পৰা চহৰসমূহত ৯ বজাৰ পৰা ১১ বজালৈ খোলা থাকিব সুৰাৰ দোকান। আনহাতে গ্ৰামাঞ্চলত ৯ বজাৰ পৰা ২ বজালৈ খোলা থাকিব সুৰাৰ দোকান।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|