• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ কোনখন জিলাত হৈছে তুষাৰপাত? বৰফৰ আচ্ছাদনে ঢাকি পেলাইছে গাওঁ

অসমৰ কোনখন জিলাত হৈছে তুষাৰপাত? বৰফৰ আচ্ছাদনে ঢাকি পেলাইছে গাওঁ

নৱবৰ্ষৰ আৰম্ভণিতে বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে অসমৰ এখন গাওঁ। আচৰিত যেন লাগিলেও বিগত এসপ্তাহৰ ধৰি গাওঁখনত হৈ আছে তুষাৰপাত।

নৱবৰ্ষৰ আৰম্ভণিতে বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে অসমৰ এখন গাওঁ। আচৰিত যেন লাগিলেও বিগত এসপ্তাহৰ ধৰি গাওঁখনত হৈ আছে তুষাৰপাত।

নৱবৰ্ষৰ আৰম্ভণিতে বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে অসমৰ এখন গাওঁ। আচৰিত যেন লাগিলেও বিগত এসপ্তাহৰ ধৰি গাওঁখনত হৈ আছে তুষাৰপাত।

  • Share this:
নৱবৰ্ষৰ আৰম্ভণিতে বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে অসমৰ এখন গাওঁ। আচৰিত যেন লাগিলেও বিগত এসপ্তাহৰ ধৰি গাওঁখনত হৈ আছে তুষাৰপাত। তুষাৰপাতৰ ফলত শুভ্ৰহৈ পৰা গাওঁখনৰ এই পৰিবেশ স্থানীয় লোকসকলৰ বাবে অৱশ্যে নতুন নহয়। বিগত কেইবা বছৰ ধৰি অসমৰ ডিমাহাছাওৰ কিপেলো গাঁৱত শীতকালত তুষাৰপাত হৈ আহিছে।

আনহাতে ডিমাহাছাওৰ থুৰুক গাঁৱতো তুষাৰপাত হোৱাৰ খবৰ ওলাইছে।
নৰ্থ ইষ্ট নাওত প্ৰকাশিত বাতৰি অনুসৰি অসমৰ এই অঞ্চলত শীতকালত সৃষ্টি হোৱা মায়াময় পৰিবেশে বিশেষ প্ৰচাৰ লাভ কৰা নাই। বৰ্তমান বৰফে চানি ধৰা কিপেলো গাঁৱৰ পুখুৰী , হ্ৰদৰ পানী বৰফ হৈ পৰিছে।

নৱবৰ্ষৰ প্ৰথম দিনটোত তুষাৰপাতে সৃষ্টি কৰা পৰিবেশক লৈ অতিকৈ উৎসাহী হৈ পৰিছে স্থানীয় লোকসকল।

অসমত তুষাৰপাতৰ এই পৰিবেশ উপভোগ কৰিবলৈ আমি যাব লাগিব হাফলঙৰ পৰা ৭৫ কিলোমিটাৰ নিলগত থকা মাহোৰ আৰক্ষী থানাৰ অধীনত থকা কিপেলো গাঁৱলৈ । এই গাওঁখন অৱস্থিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ লাইজং সমষ্টিত। ইয়াৰ বাসিন্দাসকল সকল হ’ল জেমি নগা সম্প্ৰদায়ৰ। তুষাৰপাত হোৱা আন এক স্থান ডিমা হাছাওৰ দক্ষিণ পশ্চিমত অৱস্থিত বাইতে সম্প্ৰদায়ৰ লোকসকলৰ আধিপত্য থকা থুৰুক গাওঁখন হাফলঙৰ পৰা প্ৰায় ১১২ কিলোমিটাৰ নিলগত অৱস্থিত। কিপেলো গাওঁখন বৰাইল পাহাৰৰ কাষতে অৱস্থিত।

অসমৰ পাহাৰীয়া জিলা ডিমাহাছাওৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্তমান এই সৌন্দৰ্য অধিক মনোমহা কৰি তুলিছে শীতকালত আৰম্ভ হোৱা তুষাৰপাতে। অসমৰ সমীপতে বৰফ বিচাৰি অৰুণাচল প্ৰদেশলৈ যোৱা লোকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হ’ব পাৰে অসমৰ এই অঞ্চল।
Published by:Himangshu Bhuyan
First published: