‘‘অসমৰ সভ্যতা–সংস্কৃতিৰ লগত মই পূৰ্বতে পৰিচিত। অসমৰ লগত অন্যান্য ৰাজ্যৰ তুলনা নহয়।’’ – আজি বিশ্বনাথ চাৰিআলিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আহোমৰ ৰাজত্ব কালত অসমৰ প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া আছিল বুলি কৈ লাচিত বৰফুকনক প্ৰশংসা কৰাৰ লগতে অসমক বীৰাংগনাৰ ভূমি বুলি মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি গুৰুজনাই ধৰ্ম, ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে অসমক দি যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে।
‘‘২০১৪ চনত দেশত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ গঠন কৰাৰ পিছতেই উগ্ৰবাদ নিঃশেষ কৰাৰ যি সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত মতেই উগ্ৰবাদৰ পৰিসমাপ্তি ঘটিছে আৰু সকলো জনসাধাৰণে মুক্ত মনেৰে পৰিভ্ৰমণ কৰিব পাৰিছে। বিজেপি চৰকাৰৰ দিনতেই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছিল। অসমৰ কৃষি খণ্ড, চাহ বাগিচা, আত্মসহায় গোট আৰু বিভিন্ন উন্নয়নমূলক কাম বিজেপি চৰকাৰৰ দিনত হৈছে।’’ – ক’লে ৰাজনাথ সিঙে।
বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰক পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত জিকাবলৈ ৰাইজক অনুৰোধ জনায় ৰাজনাথ সিঙে। বাংলাদেশ আৰু ভাৰত সীমান্ত ব্যৱস্থা কটকটীয়া কৰাৰ কথাও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
আনহাতে, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি নিজৰ ভাষণ দি থকা সময়তে সভাস্থলীত প্ৰৱেশ কৰে এটা সাপে৷ সাপ দেখি মুহূৰ্ততে হুৱাদুৱা লাগিল ৰাইজৰ মাজত৷ পিছত সুৰক্ষা বাহিনীয়ে সাপডাল সভাস্থলীৰ পৰা আঁতৰাই লৈ যায়৷ সাপ দেখা পাই ৰাজনাথ সিঙেও ক'লে – ভয় নাখাব ৰাইজ৷ সাপ অহাটো মংগলদায়ক৷
ইফালে বিশেষ বিমানযোগে তেজপুৰ বিমানবন্দৰত উপস্থিত হোৱা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰৰ জৰিয়তে উপস্থিত হয় বিশ্বনাথ চাৰিআলিত৷ বিশ্বনাথ চাৰিআলিৰ পিছত গহপুৰ আৰু দেৰগাঁৱৰ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৰাজনাথ সিঙে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 14, 2021, 18:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।