হিমন্ত বিশ্বৰ এটা হাঁহিয়ে কঁপাইছে ছচিয়েল মিডিয়া, কালৈ চাই মন্ত্ৰীয়ে মাৰিলে ভুৱন ভুলোৱা হাঁহি!

শেহতীয়াকৈ মন্ত্ৰীগৰাকীৰ নিজৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
শেহতীয়াকৈ মন্ত্ৰীগৰাকীৰ নিজৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
- News18 Assam
- Last Updated: November 3, 2020, 1:01 PM IST
সোমবাৰে ঢেকীয়াজুলিত উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাহনত থিয় হৈ ৰাইজৰ উষ্ম আদৰণি গ্ৰহণ কৰিছিল। সেই সময়তে মন্ত্ৰীগৰাকীয়ে মৰা এটা হাঁহি এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আনকি মন্ত্ৰীগৰাকীয়ে নিজেও এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে টুইটাৰত।
Uploading a video from my meeting yesterday in Dhekiajuli pic.twitter.com/CMnpcycuQu
— Himanta Biswa Sarma (@himantabiswa) November 3, 2020
উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে বিশ্বনাথত আদৰ্শ হাইস্কুলৰ আধাৰশিলা উন্মোচন কৰিবলৈ যোৱাৰ সময়ৰ আন এটা ভিডিঅ’ও ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। সেই ভিডিঅ’টোত কেইগৰাকীমান ছাত্ৰীয়ে দ্বিতীয় বৰ্ষৰ পৰীক্ষা পিছুৱাই দিবলৈ কৰা অনুৰোধত মন্ত্ৰীগৰাকীয়ে কৈছিল – ‘তহঁতে পৰীক্ষা দে, ফেইল কৰিলেও পাছ কৰাই দিম।’