‘ইমান ডাঙৰ!’ নহয়, এইবাৰ ‘ইমান সৰু! সঁচাকৈ!’

এইবাৰো বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে বিভিন্ন পূজা মণ্ডপ। আকৰ্ষণীয় মণ্ডপেৰে ভক্তসকলক আকৰ্ষণৰ চেষ্টা চলাইছে পূজা কমিটীসমূহে।

News18-Assam
Updated:September 29, 2019, 9:35 AM IST
‘ইমান ডাঙৰ!’ নহয়, এইবাৰ ‘ইমান সৰু! সঁচাকৈ!’
এইবাৰো বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে বিভিন্ন পূজা মণ্ডপ। আকৰ্ষণীয় মণ্ডপেৰে ভক্তসকলক আকৰ্ষণৰ চেষ্টা চলাইছে পূজা কমিটীসমূহে।
News18-Assam
Updated: September 29, 2019, 9:35 AM IST
জ্যোতিৰ্ম্ময় চক্ৰৱৰ্তী : দুৰ্গা পূজা মানেই মণ্ডপে মণ্ডপে চমক সৃষ্টিৰ প্ৰতিযোগিতা। এইবাৰো বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে বিভিন্ন পূজা মণ্ডপ। আকৰ্ষণীয় মণ্ডপেৰে ভক্তসকলক আকৰ্ষণৰ চেষ্টা চলাইছে পূজা কমিটীসমূহে। ক’ৰবাত যদি সুউচ্চ পূজা মণ্ডপ, ক’ৰবাত আকৌ আকৰ্ষণীয় আলোকসজ্জা। মুঠতে দুৰ্গা পূজা মানেই চমক।

বিগত বৰ্ষত পূজাৰ বতৰত শুনা গৈছিল ‘ইমান ডাঙৰ! সঁচাকৈ!’। কিন্তু এইবাৰ ‘ইমান ডাঙৰ!’ নহয়, ‘ইমান সৰু!’। হয়, এইবাৰ ধুবুৰীত সাজি উলিওৱা হৈছে ক্ষুদ্ৰতম দুৰ্গা প্ৰতিমা। মাত্ৰ ৫৫ টকা ব্যয়েৰে সাত টুকুৰা চাবোনেৰে নিৰ্মাণ কৰা হৈছে এই ক্ষুদ্ৰতম দুৰ্গা প্ৰতিমা। শিল্পী প্ৰদীপ কুমাৰ ঘোষৰ ক্ষুদ্ৰাকৃতিৰ ভাস্কৰ্যৰ চৰ্চা এতিয়া সমগ্ৰ ধুবুৰীত। এই দুৰ্গা প্ৰতিমাটোৰ দৈৰ্ঘ্য ৮ ইঞ্চি আৰু উচ্চতা ৪ ইঞ্চি। আকৰ্ষণীয় দুৰ্গা প্ৰতিমাটো নিৰ্মাণ কৰিবলৈ প্ৰদীপ ঘোষক প্ৰয়োজন হয় প্ৰায় এমাহ সময়।



ধুবুৰীৰ ব্যতিক্ৰমী এই শিল্পীগৰাকীয়ে পূৰ্বেও কুঁহিয়াৰৰ পেলনীয়া অংশ, নাৰিকলৰ পাত, কেঁচা শাক–পাচলি, পানীৰ বটল আদিৰে দুৰ্গা প্ৰতিমা সাজি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া কেবল অপেক্ষা শিল্পীজনৰ এই বছৰৰ প্ৰচেষ্টা ক্ষুদ্ৰতম দুৰ্গা প্ৰতিমা কোনখন পূজা মণ্ডপত ৰাইজৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি