মুখ্যপৃষ্ঠা »খবৰ »অসম »লাভলীনা বৰগোঁহাইলৈ ৫ বছৰৰ বাবে আগবঢ়াব বিনামূলীয়া গাহৰি মাংস! অসমৰ এই সংস্থাই ল'লে সিদ্ধান্ত...

লাভলীনা বৰগোঁহাইলৈ ৫ বছৰৰ বাবে আগবঢ়াব বিনামূলীয়া গাহৰি মাংস! অসমৰ এই সংস্থাই ল'লে সিদ্ধান্ত...

অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনালৈ সন্মানৰ চিন স্বৰূপে আগবঢ়াব গাহৰি মাংস।

  • Share this:
গাহৰি মাংস খোৱাৰ নামত এতিয়া আৰু টকা খৰচ কৰিব নালাগে লাভলীনা বৰগোহাঁইয়ে! অসমৰ Symbiotic Foods-এ অহা ৫ বছৰলৈ বিনামূলীয়া গাহৰি মাংসৰ যোগান ধৰিব অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰা তাৰকা খেলুৱৈগৰাকীলৈ। এই সন্দৰ্ভত সংস্থাটোৰ ফালৰ পৰা জনোৱা হয় যে, এয়া লাভলীনা বৰগোহাঁইৰ বাবে একেবাৰে সামান্য মৰম।

Symbiotic Foodsৰ চিইও মনোজ কুমাৰ বসুমতাৰীয়ে কয় যে, 'এই ঐতিহাসিক বিজয়ৰ বাবে লাভলীনাক অভিনন্দন। তোমাকলৈ আমি গৌৰৱ অনুভৱ কৰিছো। Symbiotic Foods পৰিয়ালৰ তৰফৰ পৰা তোমালৈ এটি সামান্য উপহাৰ। অহা পাঁচ বছৰলৈ আগবঢ়াম বিনামূলীয়া গাহৰি মাংস।'

উল্লেখ্য যে, অলিম্পিকক ছেমি ফাইনেলত তুৰ্কীৰ খেলুৱৈৰ হাতত পৰাস্ত হয় অসমৰ তাৰকা খেলুৱৈগৰাকী। অলিম্পিকত পদক লাভ কৰা লাভলীনা হ'ল দেশৰ তৃতীয়গৰাকী বক্সাৰ। ইয়াৰ পূৰ্বে মেৰীকম আৰু বিজেন্দ্ৰ সিঙে অলিম্পিকত মেডেল লাভ কৰিছিল।

শেহতীয়া বাতৰি