உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটত কোনে নিয়ন্ত্ৰণ কৰে কেঁচা পাতৰ মুল্য ? নিম্নগামী কেঁচাপাতৰ মূল্যই সংকটত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক।

    যোৰহাটত কোনে নিয়ন্ত্ৰণ কৰে কেঁচা পাতৰ মুল্য ? নিম্নগামী কেঁচাপাতৰ মূল্যই সংকটত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক।

    ভাৰতীয় চাহ বৰ্ডে প্ৰতিকিলো কেঁচাপাতৰ নূন্যতম সমৰ্থিত মুল্য ২৯.৯১ টকা নিৰ্ধাৰণ কৰি দিয়াৰ বিপৰীতে ফেক্টৰীসমুহে দিছে মাথোঁ ২৬ ৰ পৰা ২৭ টকা।

    ভাৰতীয় চাহ বৰ্ডে প্ৰতিকিলো কেঁচাপাতৰ নূন্যতম সমৰ্থিত মুল্য ২৯.৯১ টকা নিৰ্ধাৰণ কৰি দিয়াৰ বিপৰীতে ফেক্টৰীসমুহে দিছে মাথোঁ ২৬ ৰ পৰা ২৭ টকা।

    ভাৰতীয় চাহ বৰ্ডে প্ৰতিকিলো কেঁচাপাতৰ নূন্যতম সমৰ্থিত মুল্য ২৯.৯১ টকা নিৰ্ধাৰণ কৰি দিয়াৰ বিপৰীতে ফেক্টৰীসমুহে দিছে মাথোঁ ২৬ ৰ পৰা ২৭ টকা।

    • Share this:
    অসমৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগাই আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চৰকাৰৰ সংকটৰ সময়তো সদায় সহায়ৰ হাত আগবঢ়াই আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে।যোৱা কোভিড কালত  ক্ষুদ্ৰ চাহ খেতিয়সকলে চাৰকাৰলৈ  উপকৰ সংগ্ৰহ পুজিৰ পৰা ১০ কোটি টকা সাহায্য আগবঢ়াইছিল।তেনেস্থলত চাহ ফেক্টৰীসমুহে নিজ মইমতালিৰে কেঁচা পাতৰ মূল্য নিৰ্ধাৰণ কৰা বিষয়টোৱে যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সাংঘাতিক বিমোৰত পেলাইছে।

    এটি কলি দুটি পাত হোৱাৰ সময়তে তীব্ৰ খৰাং আৰু লুপাৰ পোকৰ উপদ্ৰৱত চাহ বাগিচা সমূহ লঠঙা হৈ পৰাৰ পাছত এইবাৰ নিম্নগামী কৰা হৈছে কেঁচাপাতৰ দাম। স্বাভাৱিকতে মে' জুন মাহত কেঁচা পাত উৎপাদন কিছু বৃদ্ধি হয় আৰু খেতিয়ক সকলে উচিত মূল্যও লাভ কৰে।কিন্তু যোৰহাটত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উচিত মুল্য লাভ নকৰাৰ অভিযোগ তুলিছে যেৰহাট ক্ষুদ্ৰ চাহ খেতিয়ক সন্থায়। ভাৰতীয় চাহ নিগমে প্ৰতিমাহতে কেঁচাপাতৰ মুল্য নিৰ্ধাৰণ কৰি দিয়ে যদিও সেই মূল্য দিয়া নাই ব্যক্তিগত মালিকাধীন ফেক্টৰীসমুহে।

    চাহ নিলাম কেন্দ্ৰৰ পকা পাত(made tea)বিক্ৰীৰ ভিত্তিত এই মাহত ভাৰতীয় চাহ বৰ্ডে প্ৰতিকিলো কেচাপাতৰ নূন্যতম সমৰ্থিত মুল্য ২৯.৯১ টকা নিৰ্ধাৰণ কৰি দিয়াৰ বিপৰীতে ফেক্টৰীসমুহে দিছে মাথোঁ ২৬ ৰ পৰা ২৭ টকা।কিন্তু মে' মাহত এই পাতৰে মুল্য সৰ্বাধিক ৪৪ ৰ পৰা ৪৫ টকা আছিল। যোৰহাটৰ কেঁচাপাতৰ গুণগত মানদণ্ডও সৰ্বাধিক।তথাপি উচিত মূল্য নোপোৱাত  ক্ষোভিত হৈ পৰিছে জিলাখনৰ প্ৰায় ১২ হাজাৰ পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ খেতিয়ক।

    ফেক্টৰীসমুহে নিজ মইমতালিৰে কেঁচা পাতৰ মূল্য নিৰ্ধাৰণ কৰা বিষয়টোত মুখ্যমন্ত্ৰীৰ  হস্তক্ষেপ বিচাৰিছে যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
    Published by:Manjumoni Borah
    First published: