உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'অলপ খালে ভাল পালো হেতেন, মোৰ ল'ৰাই আজি পুলিচত চাকৰি পাইছে'- পথৰ কাষৰ এগৰাকী সাধাৰণ ব্যৱসায়ীৰ মুখত আজি সন্তুষ্টিৰ হাঁহি!

    'অলপ খালে ভাল পালো হেতেন, মোৰ ল'ৰাই আজি পুলিচত চাকৰি পাইছে'- পথৰ কাষৰ এগৰাকী সাধাৰণ ব্যৱসায়ীৰ মুখত আজি সন্তুষ্টিৰ হাঁহি!

    পথৰ কাষত কলৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

    পথৰ কাষত কলৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

    পথৰ কাষত কলৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

    • Share this:
    এগৰাকী লোকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এগৰাকী দেউতাকৰ মনৰ অনুভূতি। বৃহস্পতিবাৰে ঘোষণা কৰা হল অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীয়ে ঘোষণা কৰা ফলাফল অনুসৰি সুফল লাভ কৰিবলৈ সক্ষম হৈছে।

    ছচিয়েল মিডিয়াত ভাৰমাৰ মজুমদাৰ নামৰ এগৰাকী লোকে মিৰ্জাৰ সমীপৰ বৰকুছি চকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কল বিক্ৰী কৰা এগৰাকী লোকৰ সন্দৰ্ভত শ্বেয়াৰ কৰা পোষ্টা ব্যাপক চৰ্চা লাভ কৰিছে। পথৰ কাষত কলৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।



    লোকজনে ছচিয়েল মিডিয়াত লিখিছে-''মিৰ্জাৰ সমীপৰ বৰকুছি চকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে কল বিক্ৰী কৰি থকা মানুহ জনৰ পৰা কল কিনিবলৈ গৈ দাম সুধিলো। তেওঁ ক'লে মালভোগ ৭০ টকা চেনী ৪০ টকা। মালভোগ ল'লো। তেওঁ খুব আগ্ৰহেৰে কাপোৰৰ মোনাৰ পৰা এটা মিৰিণ্ডাৰ বটল এটা উলিয়াই এগিলাচ খাবলৈ ক'লে। মই ক'লো মোৰ চুগাৰ আছে নাখাও দিয়ক ধন্যবাদ। তেওঁ ক'লে অলপ খালে ভাল লাগিলহেতেন মোৰ ল'ৰাই আজি পুলিচত চাকৰি পাইছে। ময়ো লগে লগে গিলাচটো শেষ কৰি দিলো। খুৰাৰ হাঁহিভৰা মুখখন দেখি মোৰো মন আনন্দৰে ভৰি পৰিল। খুৰাক শুভেচ্ছা জ্ঞাপন কৰি গাড়ী অভিমুখে খোজ দিলো। কাষত ৰৈ থকা মানুহ এজনে কলৰ দোকানজনক কোৱা কথা এষাৰ ভাহি আহিল। এনেকুৱা চৰকাৰ থাকিলে আমাৰ দৰে দুখীয়া মানুহৰ নিশ্চয় উপকাৰ হ'ব।''

    উল্লেখ্য যে, অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬,৬৬২টা কনিষ্টবল পদৰ ফলাফল ঘোষণা। ইয়াৰে ২৩৯১টা পদ ইউ বি কনিষ্টবল আৰু ৪২৭১টা পদ এ বি কনিষ্টবলৰ।

    APROৰ ৮১৩টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে। F&ESৰ ৭৮৮টা কনিষ্টবলৰ পদ আৰু DGCDৰ ৭৫৪টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা। AISFৰ ১৫৪টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হোৱা নাই।
    Published by:Himangshu Bhuyan
    First published: