உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাতৃৰ ফাঁচী বিচাৰি আৰক্ষী চকীত এগৰাকী কণমানি ! কিয় মাতৃৰ বিৰুদ্ধে ইমান ক্ষোভ কণমানিগৰাকীৰ ?

    মাতৃৰ ফাঁচী বিচাৰি আৰক্ষী চকীত এগৰাকী কণমানি ! কিয় মাতৃৰ বিৰুদ্ধে ইমান ক্ষোভ কণমানিগৰাকীৰ ?

    বাক্সাৰ গোৰেশ্বৰত নিজৰ মাতৃৰে ফাঁচী বিচাৰিলে এজনী কনমানিয়ে। নিজৰ পিতৃক এৰি আনৰ লগত মাতৃ পলাই যোৱাৰ অভিযোগ। কনমানিগৰাকীকো হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। 

    • Share this:
    বাক্সাৰ গোৰেশ্বৰত নিজৰ মাতৃৰে ফাঁচী বিচাৰিলে এজনী কনমানিয়ে। নিজৰ পিতৃক এৰি আনৰ লগত মাতৃ পলাই যোৱাৰ অভিযোগ। কনমানিগৰাকীকো হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

    নিজৰে মাতৃৰ ফাঁচী বিচাৰিলে এইগৰাকী কনমানিয়ে ৷ মাতৃয়ে প্ৰেমিকৰ লগত মিলি হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য এই কনমানিগৰাকীৰ ৷ আচহুৱা যেন লাগিলেও এইয়া সত্য ৷ মাতৃক চৰম শাস্তি দিবলৈকো আহবান কনমানিজনীৰ ৷ মাতৃয়ে সম্পৰ্কীয় পেহীয়েকৰ ল'ৰাৰ লগত মিলি কনমাণি জনীক হত্যাৰ ষড়যন্ত্ৰৰ কৰাৰ লগতে পাছলৈ তেওঁৰ লগত মাতৃ পলাই যোৱাৰ বাবে এই ক্ষোভ এই কনমাণিজনীৰ ৷ নিজৰ মাতৃৰ লগতে মাতৃৰ প্ৰেমিকৰো ফাঁচী বিচাৰিলে এই ১০ বছৰীয়া কনমানিজনীয়ে ৷

    দীৰ্ঘদিন পলাই ফুৰা বিবাহিত মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক দিশপুৰ আৰক্ষী থানাৰ সহযোগত গোৰেশ্বৰ আৰক্ষী থানাই গুৱাহাটী ছয়মাইলৰ পৰা আটক কৰা পাছতে গোৰেশ্বৰ আৰক্ষী থানাত নিশা এই পৰিস্থিতি ৷ ঘটনাৰ বিৱৰণী মতে প্ৰায় ডেৰ বছৰ পূৰ্বে গোৰেশ্বৰৰ চিআৰপিএফ জোৱান এজনৰ পত্নীয়ে স্বামীৰ সম্পৰ্কীয় পেহীয়েকৰ ল'ৰাৰ বিভিন্ন  প্ৰলোভনত প্ৰেম হয় ৷ ঘৰত স্বামী নথকাৰ সুযোগত প্ৰায়ে প্ৰেমিক তেওঁৰ ঘৰত আহে আৰু পাছলৈ প্ৰায় ডেৰ বছৰ আগত প্ৰেমসূত্ৰে দুয়োজন পলাই যায় ৷ পলাই যোৱাৰ পাছতে পত্নীয়ে স্বামীৰ সম্পত্তিৰ লগতে দৰমহাৰ আধা অংশ বিচাৰি আইনৰ কাষ চাপে, তাৰ পাছতে মাহত ১২০০০ টকা স্বামীয়ে পত্নীক দি আহিছে ৷ ইয়াৰ উপৰিও পত্নীয়ে স্বামীক আৰু অধিক সম্পত্তিৰ লগতে ধন দাবী কৰি আহিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত স্বামীয়ে এইসমূহ অত্যাচাৰ সহিব নোৱাৰি ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷  সেই সূত্ৰে আজি ভুৱা স্বামী স্ত্ৰীৰ পৰিচয় দি গুৱাহাটী ছয়মাইলত এটি ঘৰত থকা অৱস্থাত গোৰেশ্বৰ আৰক্ষী থানাই দিশপুৰ আৰক্ষী সহযোগত ছয়মাইলৰ পৰা দুয়োজনকে আটক কৰে ৷ গুৰুত্বপূৰ্ণ কথা যে ১০ বছৰীয়া কনমানিজনীয়ে সাংবাদিকৰ আগত জনাই যে  তেওঁৰ মাতৃয়ে পলাই নোযোৱাৰ আগত প্ৰেমিকৰ লগত মিলি হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ মাতৃৰ ওপৰত ক্ষোভ ব্যক্ত কৰি কনমানিজনীয়ে মাতৃৰ লগতে প্ৰেমিকৰ ফাঁচীৰ দাবী তোলে ৷
    Published by:Kokil Sarma
    First published: