অসম আৰক্ষীৰ নিযুক্তিক লৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ সংবাদমেল। উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এই সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত ব’ৰ্ডৰ ফালৰ পৰা কোৱা হয়, ‘‘৯১৭১টা পদৰ ফলাফল ঘোষণা কৰা হৈছে। ১৫৪টা পদৰ ফলাফল ঘোষণা কৰা হোৱা নাই। উচ্চ ন্যায়ালয়ৰ বাধাৰ বাবে ঘোষণা কৰা হোৱা নাই এইসমূহ ফলাফল শীঘ্ৰেই এই ফলাফল ঘোষণা কৰা হ’ব। উচ্চ ন্যায়ালয়ৰ বাধাৰ বাবে SPOৰ ফলাফল ঘোষণা কৰা নাই। ফলাফল সাজু আছে, ন্যায়ালয়ে সেউজ সংকেত দিলেই ঘোষণা কৰা হব।’’
ব’ৰ্ডে উল্লেখ কৰে, আমি অতি সৱধানতাৰে আগবাঢ়িছিলো। কোনো স্বজন তোখন, কাৰোবাৰ অনুৰোধ ৰক্ষা কৰা হোৱা নাই। এইবাৰ ৮৮% পুৰুষ আৰু ১২% মহিলা প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। অসম আৰক্ষীত ১১০০ মহিলা নিযুক্তি পোৱাটো অসম আৰক্ষীৰ কাৰণে এক ৰেৰ্কড ৷