• Home
  • »
  • News
  • »
  • assam
  • »
  • Low-Speed Light Vehicles : মহানগৰীত চলি থকা মন্থৰ গতিৰ লঘু যান-বাহনৰ পুনৰ হ'ব নৱীকৰণ, আইন ভংগকাৰীৰ বিৰুদ্ধে চলিব অভিযান

Low-Speed Light Vehicles : মহানগৰীত চলি থকা মন্থৰ গতিৰ লঘু যান-বাহনৰ পুনৰ হ'ব নৱীকৰণ, আইন ভংগকাৰীৰ বিৰুদ্ধে চলিব অভিযান

পুৰণি টিকট নৱীকৰণৰ বাবে নিগমক বছৰত ২০০ টকাকৈ অৰ্থাৎ এদিনত ৫০ পইচাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

পুৰণি টিকট নৱীকৰণৰ বাবে নিগমক বছৰত ২০০ টকাকৈ অৰ্থাৎ এদিনত ৫০ পইচাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

পুৰণি টিকট নৱীকৰণৰ বাবে নিগমক বছৰত ২০০ টকাকৈ অৰ্থাৎ এদিনত ৫০ পইচাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

  • Share this:
মহানগৰীত চলি থকা মন্থৰ গতিৰ লঘু যান-বাহনৰ পুনৰ হ'ব নৱীকৰণ। মহানগৰীত চলা ৰিক্সাচালকে পুনৰ ল'ব লাগিব পৌৰ টিকট। অচিৰেই ৰিক্সাৰ পুৰণি টিকট নৱীকৰণৰ বাবে গুৱাহাটী পৌৰ নিগমে ধার্য কৰিব দিন।

পুৰণি টিকট নৱীকৰণৰ বাবে নিগমক বছৰত ২০০ টকাকৈ অৰ্থাৎ এদিনত ৫০ পইচাকৈ কৰ ৰূপে পৰিশোধ কৰিব লাগিব।

উল্লেখ্য, মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশমৰ্মে প্ৰায় ছমাহ ধৰি ৰিক্সাসমূহৰ পৰা সংগ্ৰহ কৰা হোৱা নাছিল টিকটৰ মাচুল। কিন্তু পৌৰ নিগমৰ পাৰিষদৰ বৈঠকত বাতিল কৰা হয় মন্ত্ৰী সিংহলৰ সিদ্ধান্ত। পৌৰ টিকট নৱীকৰণ নথকা মন্থৰ গতিৰ লঘু যান-বাহনৰ বিৰুদ্ধে পৌৰ নিগমে এতিয়াৰ পৰা ল'ব ব্যৱস্থা।

আনহাতে অবৈধভাৱে বৈদ্যুতিক মটৰ লগাই চলোৱা ৰিক্সাৰ বিৰুদ্ধেও কঠোৰ হ'ব নিগম। অহা সপ্তাহৰ পৰাই মন্থৰ গতিৰ লঘু যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলিব মহানগৰীত। মুঠৰ ওপৰত পেডেল মৰা ৰিক্সাত মটৰ লগোৱাৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব গুৱাহাটী পৌৰ নিগম।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি