
সৰ্বমুঠ ৭১জন সাক্ষী থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ব্যাপক লেহেমীয়া গতিত চলা দেখিবলৈ পোৱা গৈছে। সেয়ে বৰ্তমান যেন হতাশ হৈ পৰিছে নীল-অভিৰ পৰিয়াল।
সৰ্বমুঠ ৭১জন সাক্ষী থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ব্যাপক লেহেমীয়া গতিত চলা দেখিবলৈ পোৱা গৈছে। সেয়ে বৰ্তমান যেন হতাশ হৈ পৰিছে নীল-অভিৰ পৰিয়াল।
দেশ কঁপোৱা নীল-অভিৰ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ হতাশ হৈ পৰিছে নীলোৎপল দাস আৰু অভিজিত নাথৰ পৰিয়াল। ২০১৮ চনৰ ৯ জুনত কাৰ্বিআংলং জিলাৰ কাংথেলাঞ্চু জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈ মৰেল পুলিচিঙৰ বলি হৈ দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা শিল্পী নীলোৎপল দাস আৰু উদ্যমী যুৱক অভিজিত নাথৰ মৃত্য়ুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত আদালতত চলোৱাৰ দাবী জনাইছিল সকলোৱে।পিছে সৰ্বমুঠ ৭১জন সাক্ষী থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ব্যাপক লেহেমীয়া গতিত চলা দেখিবলৈ পোৱা গৈছে। সেয়ে বৰ্তমান যেন হতাশ হৈ পৰিছে নীল-অভিৰ পৰিয়াল।
মঙলবাৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত সংবাদ মাধ্যমৰ সন্মুখত চৰম ক্ষোভ প্ৰকাশ কৰি নীলোৎপল দাসৰ পিতৃয়ে কয়, ৪মাহত মাত্ৰ ৪টা শুনানি হৈছে। ৪বছৰ ধৰি গোচৰটোৰ সমিধানৰ আশাত ৰৈ আছো। কিন্তু ইয়াৰ অন্তৰালত কি ৰহস্য আছে সেয়া অতি চিন্তাজনক। চৰকাৰ, দল-সংগঠন, মহামান্য আদালত সকলোকে আমাৰ অনুৰোধ শীঘ্ৰে গোচৰটোৰ সমিধান দিয়ক। ইপিনে, বিপক্ষৰ অধিবক্তাই গোচৰটোৰ সাক্ষ্য গ্ৰহণত বিলম্ব কৰাৰো অভিযোগ উঠিছে। উল্লেখযোগ্য যে, ৪ বছৰত ৭০জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ বিপৰীতে এতিয়াও এজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ বাকী। আনহাতে প্ৰথম অৱস্থাত নীল-অভিৰ হত্যাকাণ্ডৰ বিচাৰ বিচাৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দল-সংগঠন সমূহৰো ভূমিকা বৰ্তমান সময়ত নিৰাশাজনক।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|