কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিড'ৰৰ পৰা হালধিবাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো বাহন ৪০ কিঃমিঃতকৈ অধিক বেগত চলাব নোৱাৰিব।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিড'ৰৰ পৰা হালধিবাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো বাহন ৪০ কিঃমিঃতকৈ অধিক বেগত চলাব নোৱাৰিব।
ক'ভিডৰ সমান্তৰালভাৱে আহিছে বানপানীৰো আশংকা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আসন্ন বানপানীৰ সময়ত জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা দণ্ডাধীশে জাৰি কৰিছে ১৪৪ ধাৰা। বানপানীৰ সময়ত দেখা যায় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুখিনি বনৰীয়া জীৱ জন্তু প্ৰাণৰ মমতাত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই আহি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লয় অথবা ঘাই পথটো পাৰ হৈ ওখ অঞ্চলসমূহলৈ গতি কৰে। যাক দক্ষিণাগমন বুলি কোৱা হয় ৷ তেনে ক্ষেত্ৰত পথটোৰ দাঁতিত থাকোতে অথবা পথ পাৰ হৈ যাওতে বহু সংখ্যক জীৱ জন্তু গাড়ীৰ খুন্দাত মৃত্যু হয় অথবা আঘাতপ্ৰাপ্ত হয়। এই জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ আৰু মহকুমাধিপতি বিপুল দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত ৩০ জুনৰ পৰা বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।
সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিড'ৰৰ পৰা হালধিবাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো বাহন ৪০ কিঃমিঃতকৈ অধিক বেগত চলাব নোৱাৰিব। তাৰোপৰি উক্ত নিৰ্ধাৰিত এলেকাৰ পথৰ দাঁতিত থকা হোটেল, ধাবা তথা ৰেষ্টুৰেণ্টসমৃহৰ সন্মুখত গধুৰ যানবাহন পাৰ্কিং কৰি ৰাখিব নোৱাৰিব। কোনো ব্যক্তিয়ে এই নিৰ্দেশনা অমান্য কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
বোকাখাত মহকুমাৰ অন্তৰ্গত পানবাৰীৰ পৰা হালধীবাৰী পৰ্যন্ত বনবিভাগে চিনাক্ত কৰা দুটা এনিমেল কৰিড'ৰ আছে ৷ এটা পানবাৰী হস্তী সংৰক্ষিত বনাঞ্চলৰ সমীপত আৰু আনটো হালধীবাৰীত ৷ এই দুটা এমিমেল কৰিড'ৰৰ বাহিৰেও আৰু ৭ টা এনিমেল কৰিড'ৰ আছে আৰু এই কেইটা নগাঁও জিলাৰ অন্তৰ্গত ৷ এমিনেল কৰিড'ৰৰ বাহিৰেও বানৰ সময়ত আন স্থানেৰেও বন্যপ্ৰাণী সমুহ ঘাইপথ পাৰ হয় ৷ যদিহে চৰকাৰী নিৰ্দেশ উলংঘা কৰি নিৰ্ধাৰিত গতিবেগতকৈ অধিক বেগত গাড়ী চলাই তেতিয়া ৯ হাজাৰ টকা পৰ্যন্ত জৰিমনা হব পাৰে ৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৯ টা এনিমেল কৰিড'ৰতে গেট স্থাপন কৰি ২৪ ঘন্টাই পহৰাৰ ব্যৱস্থা কৰিছে আৰু গাড়ীৰ গতিবেগ সৰ্বোচ্চ ৪০ কিঃমিঃ কৰিবৰ বাবে চালকক অনুৰোধ জনাইছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|