অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেটেপা লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী। পিছে পিছে এদল যুৱক, সকলোৰে হাতত কেটেপা। পিছে হাতত কেটেপা আৰু এদল যুৱকক লগত লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিহৰ সন্ধানত বালিজান পাহাৰত!
এয়া চিকাৰ বা আন একো নহয়। এয়া আচলতে কেটেপা খেলৰ প্ৰস্ততিহে। অসম স্লিংশ্বট (Slingshot) সন্থাৰ আহ্বানত যোৰহাট শাখাৰ উদ্যোগত অহা ২৯ আৰু ৩০ অক্টোবৰত পোন প্ৰথমবাৰৰ বাবে মৰিয়নিৰ বালিজান পাহাৰত অনুষ্ঠিত হ'বলগীয়া Slingshot (কেটেপা) প্ৰতিযোগিতাৰ বাবে প্ৰস্ততি চলাই থকা দেখা গৈছে তেওঁক।
আনহাতে উদযাপন সমিতিৰ সভাপতি হোৱাৰ বাবেই বিধায়ক কুৰ্মীক এনেদৰে হাতত কেটেপা লৈ কেটেপাৰ অনুশীলনত ব্যস্ত হৈ পৰা দেখা গ'ল। বিধায়কগৰাকীয়ে এই প্ৰতিযোগিতাত অসমৰ যুৱক-যুৱতীসকলক অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে এইবিধ খেল শীঘ্ৰে অলিম্পিকত অন্তৰ্ভুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|