• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ আকাশত ফাইটাৰ জেট, ৯খন যুদ্ধ বিমানেৰে বায়ুসেনাৰ নান্দনিক কলা প্ৰদৰ্শন

গুৱাহাটীৰ আকাশত ফাইটাৰ জেট, ৯খন যুদ্ধ বিমানেৰে বায়ুসেনাৰ নান্দনিক কলা প্ৰদৰ্শন

হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এই এৰোবেটিক্স শ্ব'টো প্ৰদৰ্শন কৰে।

হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এই এৰোবেটিক্স শ্ব'টো প্ৰদৰ্শন কৰে।

হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এই এৰোবেটিক্স শ্ব'টো প্ৰদৰ্শন কৰে।

  • Share this:
আজি গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক শ্ব' প্ৰদৰ্শন কৰে। পুৱা ১০ বজাৰ পৰা ১১ বজালৈকে প্ৰদৰ্শন হয় এই এয়াৰ শ্ব’। ৯ জনীয়া এটা দলে প্ৰায় এঘণ্টা সময় আকাশ মাৰ্গত তেওঁলোকৰ কলা প্ৰদৰ্শন কৰে। হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোৱাড্ৰনে এই এৰোবেটিক্স শ্ব' প্ৰদৰ্শন কৰে। Eastern Air Command আৰু অসম চৰকাৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে।

ভাৰতীয় বায়ুসেনাৰ এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, এয়াৰ মাৰ্শ্বেল ডি. কে. পাটনায়ক(AVSM VM AOC-in-C, Eastern Air Command)ৰ লগতে বায়ুসেনাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

ভাৰতীয় বায়ুসেনাৰ ৫২ তম স্কোৱাড্ৰনৰ এটা অংশ সূৰ্য কিৰণ দলে বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে।

ইতিমধ্যে স্কোৱাড্ৰনে বিগত ১৬ ছেপ্টেম্বৰত ভুৱনেশ্বৰ আৰু ১৮ ছেপ্টেম্বৰত পুৰীৰ ব্লু ফ্লেগ বীচত সাহসী আৰু শ্বাসৰুদ্ধকাৰী আকাশী কৌশল প্ৰদৰ্শন কৰিছিল। জানিব পৰা মতে গুৱাহাটীৰ পাছতেই অহা ৮ অক্টোবৰত চণ্ডীগড় আৰু ১৪ অক্টোবৰত বৰেলীত নিজ প্ৰদৰ্শন আগবঢ়াব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি