ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত জিলাসমূহত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। SEBAৰ তত্ত্বাৱধানত হ'বলগীয়া এই টেট পৰীক্ষা ৩০ এপ্ৰিলত অনুষ্ঠিত হ'ব।
এই সম্পৰ্কে আজি দেওবাৰে সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে (SPECIAL 6th SCHEDULE TET)।
নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত এই টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। বিশেষ টেট পৰীক্ষাৰ বাবে ৫ মাৰ্চৰ পৰা আৱেদন আৰম্ভ হৈছে আৰু আৱেদনৰ শেষ সময়সীমা ২৫ মাৰ্চ। পৰীক্ষাৰ বাবে ১৫ এপ্ৰিলত এডমিট কাৰ্ড সংগ্ৰহ কৰিব পাৰিব আৰু ৩০ এপ্ৰিলত পৰীক্ষা অনুষ্ঠিত হ'ব।
Process of Special TET for 6th Schedule districts of Assam begins today. Please log in to https://t.co/MB0GaPBpN5 or https://t.co/TVdQB10IbH pic.twitter.com/w3Q35U3vZr
— Ranoj Pegu (@ranojpeguassam) March 5, 2023
কোকোৰাঝাৰ, বাক্সা, ওদালগুৰি, ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং জিলাত অনুষ্ঠিতব্য বিশেষ টেট পৰীক্ষাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কৰ্তৃত্ব থাকিব স্থানীয় পৰিষদৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।