সুদীৰ্ঘ ২৭ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ছয় গৰাকী শিক্ষকক শুকুৰবাৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে জয়পুৰ খণ্ড সদ্য প্ৰাদেশিকীকৃত মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাই। সুদীৰ্ঘ ২৭ টা বছৰ বিনা বেতনেৰে শিক্ষা বৃত্তিত জড়িত থাকি চাকৰি পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী সকলে এই মুকলি সভাতেই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা লগতে কিছু আৱেগিক হৈ পৰা দেখা যায়।
উল্লেখ্য যে বিনা বেতনে অৱসৰ লোৱা শিক্ষককেইগৰাকী হৈছে কুঁৱৰী গাঁও জামুগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভদ্ৰাৱতী কোঁৱৰ, জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী সবিতা ৰাণী বৰঠাকুৰ, জয়পুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা গগৈ, দিহিং কিনাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ক্ৰমে হৰেন দত্ত, নৰেন চন্দ্ৰ দত্ত আৰু শালমাৰি বালিকা বিদ্যালয়ৰ শিক্ষক ৰম্ভা খনিকৰ। আটাইকেইজনে চলিত বৰ্ষত নিজ নিজ বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাত সংস্থাৰ তৰফৰ পৰা ছয় গৰাকী শিক্ষক শিক্ষয়িত্ৰীকে এখন সম্বৰ্ধনা পত্ৰ, শৰাই, চেলেং চাদৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
কুঁৱৰী গাঁও জামুগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা মুকলি সভাত জয়পুৰ খণ্ডৰ উপৰি সদ্য প্ৰাদেশিকীকৃত মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাৰ ৰাজ্যিক সহকাৰী সম্পাদক চৰিত্ৰ গগৈ, ডিব্ৰুগড় জিলা শাখাৰ সভাপতি জ্যোতিষ শইকীয়া আৰু সম্পাদক বিনন্দ গগৈয়ে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
সংস্থাৰ প্ৰথম কাৰ্য্যসূচী হিচাপে জয়পুৰ খণ্ড সদ্য প্ৰাদেশিকীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সংস্থাৰ অস্থায়ী কার্যলয়টো ফিটা কাটি উদ্বোধন কৰে কুঁৱৰী গাঁও জামুগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বিভা কাকতীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|