ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ পৰা সহায় বিচাৰিছে শিশুটিৰ পিতৃ–মাতৃয়ে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ পৰা সহায় বিচাৰিছে শিশুটিৰ পিতৃ–মাতৃয়ে।
এটি দেৱ শিশু। ছয় মহীয়া শিশুটিৰ পিতৃ সোণাৰি ভজোৰ তৌফিক আলী আৰু মাতৃ ফাতমা খাতুন। জন্মৰে পৰা বিগত ছয়মাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছে শিশুটি। বিগত সময়ত অতি দৰিদ্ৰ পৰিয়ালটোৱে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত চিকিৎসা চলাই প্ৰাৰম্ভিক পৰ্যায়ত হাৰনিয়াৰ অস্ত্ৰোপচাৰ কৰিছিল যদিও আজি ১৫ দিনে শিশুটিৰ দেহৰ বৰণ হালধীয়া হোৱাৰ লগতে প্ৰস্ৰাৱ ৰঙা হৈ পৰিছে আৰু আহাৰ গ্ৰহণ নকৰাত চিন্তিত হৈ পৰিছে শিশুটিৰ পিতৃ-মাতৃ।
চিকিৎসকে শিশুটি জটিল যকৃত ৰোগত আক্ৰান্ত হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দি বহিঃৰাজ্যত নি চিকিৎসা কৰাৰ পৰামৰ্শ দিয়ে যদিও আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাই। আনহাতে, কোৰোণা মহামাৰীৰ ফলত ৰাজ্য চৰকাৰে নতুন নিয়মাৱলী কাৰ্যকৰী কৰাৰ ফলত মাত্ৰ আধাবেলা দিন হাজিৰা কৰা দুৰ্ভগীয়া পিতৃৰ দৈনিক ১০০ টকা উপাৰ্জনত পৰিয়াল পৰিচালনা কৰাৰ লগতে শিশুটিক উন্নত চিকিৎসা প্ৰদান কৰাটো কঠিন হৈ পৰিছে। যাৰ ফলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ পৰা সহায় বিচাৰিছে শিশুটিৰ পিতৃ–মাতৃয়ে। যাতে শিশুটিক বহিঃৰাজ্যলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰি। দৰিদ্ৰ পৰিয়ালটোক যদি কোনাে সদাশয় ব্যক্তিয়ে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰে তেনেহ’লে তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব।
Andhra Bank, Tinsukia branch
A/C HOLDER : FATMA KHATOON
A/C NO. :- 181110100040971
IFSC CODE : ANDB0001811
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|