মুখ্যপৃষ্ঠা »খবৰ »অসম »Ranjit Bora Murder Case : পাঞ্জাবাৰীৰ ৰঞ্জিত বৰাৰ হত্যাকাৰী কৰায়ত্ত, ঘটনাত জড়িত আছিল ছজনীয়া গেং

Ranjit Bora Murder Case : পাঞ্জাবাৰীৰ ৰঞ্জিত বৰাৰ হত্যাকাৰী কৰায়ত্ত, ঘটনাত জড়িত আছিল ছজনীয়া গেং

অভিযুক্তকেইজন ক্ৰমে শ্বাহ আলম, সজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেন পাটগিৰি।

অভিযুক্তকেইজন ক্ৰমে শ্বাহ আলম, সজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেন পাটগিৰি।

  • Share this:

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি সংবাদমেলযোগে পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ড (Ranjit Bora Murder Case) সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। যোৱা ২১ নৱেম্বৰত সংঘটিত এই হত্যাকাণ্ডই ৰাজ্যজুৰি আলোড়ন সৃষ্টি কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।


বৰাই জানিবলৈ দিয়া মতে, ছয়জনীয়া গেঙে হত্যা কৰিছিল ৰঞ্জিত বৰাক। অভিযুক্তকেইজন ক্ৰমে শ্বাহ আলম, সজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেন পাটগিৰি। এজনৰ নাম বৰাই ঘোষণা কৰা নাই, তেওঁ এতিয়াও পলাতক অৱস্থাত আছে। ৰঞ্জিত বৰাক গুলীচালনা কৰিছিল শ্বাহ আলমে।


উল্লেখ্য, তিনি সপ্তাহ আগৰ পৰাই ৰঞ্জিত বৰাৰ গতিবিধি নিৰীক্ষণ কৰিছিল অপৰাধীয়ে। সুযোগ বুজি উক্ত দিনা ঘটনাটো সংঘটিত কৰিছিল। শ্বাহ আলমে গুলীচালনা কৰা বাইকখন চলাইছিল সজল আলী। এখন স্পেল্ডাৰ বাইকেৰে বৰাক নিৰীক্ষণ কৰা হৈছিল, সেই বাইকখনৰ লগতে ঘটনা সংঘটিত কৰা গ্লেমাৰ বাইক জব্দ কৰিছে আৰক্ষীয়ে। যিটো জেকেট আৰু জোতা পিন্ধি শ্বাহ আলমে হত্যা কৰিছিল সেয়াও উদ্ধাৰ হৈছে। পিষ্টলটো এতিয়ালৈ উদ্ধাৰ হোৱা নাই। উল্লেখ্য এই গেংটোৱে চাংসাৰীত আৰক্ষীৰ পোছাক পিন্ধি সংঘটিত কৰা ডকাইতি কাৰ্যতো জড়িত হৈছিল।

শেহতীয়া বাতৰি