শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীৰ ডিব্ৰুৱালত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। অঞ্চলটোৰ বছাশয়েক গাঁৱত ৰিমন গগৈ নামৰ এজন পাষাণ স্বামীয়ে নিজ পত্নীৰ শৰীৰত অগ্নিসংযোগ কৰি হত্যা কৰে। অঞ্চলটোৰ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি বিভিন্ন অজুহাতত প্ৰায়ে ৰিমণ গগৈয়ে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল নিজ পত্নী শৰ্মিষ্ঠা চেতীয়াক। উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত ৰিমণ গগৈয়ে এটি সাতমহীয়া সন্তান থকা নিজ পত্নী শৰ্মিষ্ঠা চেতীয়াৰ শৰীৰত অগ্নি সংযোগ কৰে। অগ্নিসংযোগ কৰাৰ ফলত শৰীৰৰ ৭০ শতাংশ অগ্নিদগ্ধ হয় শৰ্মিষ্ঠাৰ। পিছত সাতমহীয়া সন্তানৰ মাতৃ শৰ্মিষ্ঠাক ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্ত্তি কৰা হৈছিল যদিও সোমবাৰে মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়।
মৃত্যুৰ পিছতে শৰ্মিষ্ঠাৰ পৰিয়ালে স্বামী ৰিমন গগৈৰ ঘৰৰ চোতালত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰে ,যাৰফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাই পিছত ভয়াৱহ ৰূপ লোৱাত ঘটনাস্থলীত আৰক্ষী অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়।
Published by: Dulu Medhi
FIRST PUBLISHED : May 20, 2019, 15:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।