চলন্ত ৰে’লত ছাত্ৰীক নৃশংসভাৱে হত্যা কৰা পাষাণ বিকাশ দাসক মৃত্যুদণ্ডৰ ৰায়

২০১৮ চনৰ ১০ জুলাইত তিনিচুকীয়া–ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছিল সেই জঘন্য হত্যাকাণ্ড।

News18-Assam
Updated:October 3, 2019, 2:12 PM IST
চলন্ত ৰে’লত ছাত্ৰীক নৃশংসভাৱে হত্যা কৰা পাষাণ বিকাশ দাসক মৃত্যুদণ্ডৰ ৰায়
২০১৮ চনৰ ১০ জুলাইত তিনিচুকীয়া–ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছিল সেই জঘন্য হত্যাকাণ্ড।
News18-Assam
Updated: October 3, 2019, 2:12 PM IST
শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। চলন্ত ৰে’লত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক হত্যা কৰাৰ অপৰাধত অভিযুক্ত বিকাশ দাসক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে আদালতে। ৩০২ ধাৰাত বিকাশ দাসক মৃত্যুদণ্ড বিহাৰ লগতে ৩৭৬(১) ধাৰাৰ আন এটা গোচৰত বিহা হৈছে যাৱজ্জীৱন কাৰাদণ্ড। ২৭ ছেপ্টেম্বৰত আদালতে দোষী সাব্যস্ত কৰিছিল বিকাশ দাসক। আন এজন অভিযুক্ত বিপিন পাণ্ডেক মুক্তি দিছিল আদালতে।

উল্লেখ্য যে, ২০১৮ চনৰ ১০ জুলাইত তিনিচুকীয়া–ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছিল সেই জঘন্য হত্যাকাণ্ড। দিব্যাংগৰ বাবে সংৰক্ষিত ডবাত গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক। ৰে’লখন শিমলুগুৰি ষ্টেচন পোৱাৰ সময়তে শৌচাগাৰত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ মৃতদেহ।

পিছত ৰে’ল আৰক্ষীয়ে তদন্ত চলাই ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল ২ অভিযুক্ত বিকাশ দাস আৰু বিপিন পাণ্ডেক। ২৭ ছেপ্টেম্বৰৰ শুনানিৰ পিছত আদালতে মুক্তি দিয়ে বিপিন পাণ্ডেক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি