News18 AssamNews18 Assam
|
News18-Assam Updated:January 3, 2020, 7:30 AM IST
নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!
নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!
একেলগে জীৱনটো পাৰ কৰাৰ পণ! দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক শিৱসাগৰৰ নৱনীতা আৰন্ধৰা আৰু হিমাংশু গগৈৰ মাজত। ৩১ ডিচেম্বৰৰ দিনা প্ৰেমিকা নৱনীতা আৰন্ধৰাৰ জন্মদিন। প্ৰেয়সীৰ জন্মদিন উদযাপন কৰি বাইকেৰে ঘৰ অভিমুখে আহি আছিল দুয়ো। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত নগাঁৱত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাবটি ল’লে হিমাংশু আৰু নৱনীতাই।
শিৱসাগৰ জিলাৰ বৰচিলা বামুণপুখুৰীৰ বাসিন্দা বীৰেন আৰন্ধৰা আৰু ভবানী গগৈৰ কন্যা নবনীতা নগাঁৱৰ এখন আই টি আইৰ ছাত্ৰী আছিল। দুয়োগৰকীৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।