শিৱসাগৰত শোকাৱহ পথ দূৰ্ঘটনা,কৰুণ মৃত্যুক সাৱটিলে JMCৰ ছাত্ৰ ডা: প্ৰত্যুষ কুজন কৌশিকে

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ আৰু জেনৰ মুখামুখি সংঘৰ্ষ।

News18-Assam
Updated:November 10, 2019, 9:52 AM IST
শিৱসাগৰত শোকাৱহ পথ দূৰ্ঘটনা,কৰুণ মৃত্যুক সাৱটিলে JMCৰ ছাত্ৰ ডা: প্ৰত্যুষ কুজন কৌশিকে
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ আৰু জেনৰ মুখামুখি সংঘৰ্ষ।
News18-Assam
Updated: November 10, 2019, 9:52 AM IST
দেওবাৰে পুৱা  শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা। চাৰিং দুৱৰাপাৰত সংঘটিত গৈছে দূৰ্ঘটনাটো। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ আৰু জেনৰ মুখামুখি সংঘৰ্ষত কৰুণ ভাবে মৃত্যুক সাৱটি লয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ডা০ প্ৰত্যুষ কুজন কৌশিকে। দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে জেন খনত থকা অন্য দুজন যুৱক।

দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ডা০ প্ৰত্যুষক শিৱসাগৰ অসামৰিক চিকিত্‍সালয়ত ভৰ্তি কৰা হৈছিল যদিও, কৰুণ ভাবে মৃত্যুক সাৱটি লয় চিকিৎসকজনে। প্ৰত্যুষৰ ঘৰ যোৰহাটৰ মালৌ আলিত বুলি জানিব পৰা গৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি